নাহিদ বিতৰ্কৰ অন্ত । অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষাজুৰী ব’ৰ্ডৰ ।

অসম চলচ্চিত্ৰ বঁটাক লৈ বিতৰ্ক। অৱশেষত ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা জুৰী ব'ৰ্ডৰ। অনাকাংক্ষিত ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা ভিক্ষা। বঁটাটো নাহিদ আফ্ৰিনে লাভ কৰা বুলি মন্তব্য জুৰী ব'ৰ্ডৰ। গানৰ নামটোহে অনিচ্ছাকৃতভাৱে ভুল হোৱা বুলি

বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰঙিয়াৰ ৰাইজ ।

বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰঙিয়াৰ ৰাইজ । ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ ধৰমপুৰ, মুৰাৰা আৰু দ্বীপ্তিনগৰৰ লোকসকলে হাতে হাতে বেনাৰ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ । ৰাইজৰ অভিযোগ ৰঙিয়াৰ সোমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত

নিষিদ্ধ তীৰ খেলৰ বিৰুদ্ধে সৰৱ ভৱানীপুৰ আৰক্ষী

নিষিদ্ধ তীৰ খেলৰ বিৰুদ্ধে সৰৱ ভৱানীপুৰ আৰক্ষী। এটাৰ পাছত এটাকৈ আটক তীৰ বেপাৰী। আজি তীৰৰ বেপাৰী আনোৱাৰ আলীক আটক কৰিছে আৰক্ষীয়ে । আটক কৰা লোকজনৰ ঘৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত আনন্দপুৰ গাঁৱত।

ধুবুৰীৰ মাছপাৰাত অবৈধ মাটি কঢ়িয়াই অনা ট্ৰেক্টৰ জব্দ ।

ধুবুৰীৰ মাছপাৰাত অবৈধ মাটি কঢ়িয়াই অনা ট্ৰেক্টৰ জব্দ। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মাছপাৰাত শালকোচা আৰু ৰোকাখাতা বন বিষয়া কৰ্মীৰ নাটকীয় অভিযান | অভিযানকাৰী বন বিষয়া কৰ্মীৰ দলৰ চকুত ধূলি দি পলায়নৰ চেষ্টা অবৈধ মাটি কঢ়িওৱা ট্ৰেক্টৰ চালকৰ

এইখন অসমত সম্ভৱ সকলো। বয়স কমাবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ল ডি ফাৰ্ম ডিগ্ৰীধাৰী…

বঙাইগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ডি ফাৰ্ম ডিগ্ৰীৰ ছাত্ৰ। বয়স কমাবলৈ নতুনকৈ বহিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। বয়স কমাবলৈ ছেবাৰ পৰা নতুনকৈ

বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ জন্ম দিনত জানক কিছু গোপন কথা ।

ঘৰৰ পৰা আৰম্ভ কৰি গাড়ী, কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক আলিয়া ভাট। জন্মদিনত আচৰিত তথ্য পোহৰলৈ আহিছে । বলীউডৰ অভিনেত্ৰী আলিয়া ভাটে ২৯ বছৰ সম্পূৰ্ণ কৰিলে। গাংগুবাইয়ে কম বয়সতে বলীউডত নিজৰ স্থান দখল কৰিছে। ঘৰৰ পৰাই চকু কপালত তুলিব পৰা

কৰৰ সন্ত্ৰাস চলাইছে বিজেপি চৰকাৰেঃ অত্যাধিক বিদ্যুত মাছুল, পৰিবহন বিভাগৰ জৰিমনা আদিত ভাৰাক্ৰান্ত…

গুৱাহাটীঃ আজি অসম বিধান সভা চৌহদত সাংবাদিক সকলক সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অত্যাধিক কৰৰ বোজাৰে সৰ্বসাধাৰণক সন্ত্রাসিত কৰি তোলা বুলি হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা

হাউলীৰ ৯৮ নং হাজীপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত ড্ৰাগছ, শিক্ষা, বাল্য-বিবাহ, নিচামুক্ত সমাজ গঠনৰ ওপৰত…

বৰপেটা জিলাৰ হাউলীৰ ৯৮ নং হাজীপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত মংগলবাৰে সন্ধিয়া ৬ বজাত পঞ্চায়ত খনৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদৰ পৌৰোহিত্যত ড্ৰাগছ, শিক্ষা, বাল্য-বিবাহ, নিচামুক্ত সমাজ গঠনৰ ওপৰত এখন সজাগতা সভা জয়েন বজাৰ প্ৰাংগনত অনুষ্ঠিত হয় ।

হাৰিয়ানাত অনুষ্ঠিত সৰ্বভাৰতীয় বন ক্ৰীড়া মহোৎসৱত অসমৰ ১১ টা পদক অৰ্জন

পঙ্কজ নাথঃ বিগত বছৰ সমূহৰ দৰে এইবেলিও সৰ্বভাৰতীয় পৰ্যায়ত বন ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈ যায়। যোৱা ১০ মাৰ্চ শুক্ৰবাৰৰ পৰা কালি ১৪ মাৰ্চ মঙ্গলবাৰলৈ অনুষ্ঠিত হৈছিল এই বৰ্ষৰ বন ক্ৰীড়া মহোৎসৱখনি। হাৰিয়ানাৰ পাঞ্চকুলাত এই বৰ্ষত ২৬ তম সৰ্বভাৰতীয়

সামৰণি পৰিল জি-২০ৰ এছএআই-২০ প্ৰতিনিধি বৈঠক

শ্বাকিল আহমেদ, গুৱাহাটীঃ আজি গুৱাহাটীত ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ অধীনত এছএআই-২০ এংগেজমেন্ট গ্ৰুপৰ প্ৰথমখনি জ্যেষ্ঠ বিষয়াৰ বৈঠকৰ সামৰণি পৰে। ভাৰতৰ কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল (CAG) আৰু সৰ্বোচ্চ নিৰীক্ষণ প্ৰতিষ্ঠান-২০ (SAI20) এংগেজমেন্ট