Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰীৰ বৰমাৰাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

তফিকুৰ ৰহমান, চেঙা,৪ এপ্ৰিল: সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰাত আজি কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত ...


তফিকুৰ ৰহমান, চেঙা,৪ এপ্ৰিল:
সৰুক্ষেত্ৰী সমষ্টিৰ বৰমাৰাত আজি কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি শান্ত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন।ভাষণৰ মাজতে ৰকিবুল হুছেইনৰ মুখত পুনৰ শুনা গ'ল খেলা হ'ব খেলা হ'ব, জাকিৰ হুছেইন সিকদাৰ বিধায়ক হ'ব, কংগ্ৰেছৰ এইবাৰ চৰকাৰ হ'ব , জাকিৰ হুছেইন সিকদাৰ মন্ত্ৰী হ'ব শ্লোগান।তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত কংগ্ৰেছৰ পাঁচটা গ্যাৰান্টী কংগ্ৰেছৰ চৰকাৰ হ'লে ৰূপায়ণ কৰিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে বন্ধু বুলি কৈ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। সৰুক্ষেত্ৰীৰ কয়াকুছিত কেইমাহমান পূৰ্বে অনুষ্ঠিত বুথ সন্মিলনৰ পৰাই সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ জোৱাৰ উঠিছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰকিবুল হুছেইনে। সভাখনত জাকিৰ হুছেইন সিকদাৰক সৰুভাই বুলি সম্বোধন কৰি জাকিৰক বিধায়ক বনাবলৈ ৰাইজলৈ আহ্বান জনায় ৰকিবুল হুছেইনে। জাকিৰ হুছেইন সিকদাৰ বিধায়ক হোৱাৰ পিছত জাকিৰ হুছেইন সিকদাৰক মন্ত্ৰী বনোৱাৰ দায়িত্ব মোৰ বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে কয় যে - আমাৰ চৰকাৰ হ'লে মই মন্ত্ৰী নাপালেও জাকিৰ হুছেইন সিকদাৰক মন্ত্ৰিত্ব দিয়া হ'ব। ইয়াৰ উপৰিও কংগ্ৰেছৰ চৰকাৰ হ'লে অসমৰ পাঁচটা সমষ্টিৰ ভিতৰত এটা উন্নয়ন সমষ্টি হিচাপে গঢ়ি তোলা হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰকিবুল হুছেইনে। এন আৰ চি সন্দৰ্ভতো বক্তব্য প্ৰদান কৰি বিজেপি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে।আনহাতে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে। সভাখনত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰ, ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাইও উদাত্ত ভাষণ প্ৰদান কৰে। জাকিৰ হুছেইন সিকদাৰে এআইইউডিএফ দলৰ সভাপতি বদৰ উদ্দিন আজমলক ক্ষুৰধাৰ সমালোচনা কৰে। সৰুক্ষেত্ৰীৰ মাটিত বদৰউদ্দিন আজমলে জাকিৰ হুছেইন সিকদাৰক দুৰ্নীতিগ্ৰস্ত, ব্যৰ্থ বিধায়ক বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাষণৰ জৰিয়তে কয় যে বদৰউদ্দিন আজমলৰ সন্তানেও মোৰ স'তে একেলগে পাঁচ বছৰ বিধায়ক হৈ আছিল। তেওঁৰ সন্তানে কি কৰিছে তাৰ হিচাপ ৰাইজক দিয়ক বুলিও মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে। বদৰ উদ্দিন আজমলে সৰুক্ষেত্ৰীত যিগৰাকীক প্ৰাৰ্থিত্ব দিছে তেওঁৰ স্বামীৰ সম্পত্তিৰ উৎসৰ কথা ৰাইজক জনাবলৈ প্ৰত্যাহ্বান জনাইছে জাকিৰ হুছেইন সিকদাৰে। যদি মই পূৰ্বৰ বিধায়কসকলতকৈ ভাল কাম কৰিছোঁ তেন্তে সৰুক্ষেত্ৰীৰ ৰাইজে মোক ভোট দিব। যদি মই কাম কৰিব পৰা নাই ভোট দিব নালাগে বুলিও মন্তব্য কৰে জাকিৰ হুছেইন সিকদাৰে।

No comments