গণ বাৰ্তা,মন্দিয়া,১এপ্ৰিলঃ বৰপেটা জিলা বাঘবৰ সমষ্টিৰ সত্ৰকণৰা চাচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মন্দিয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্ধোগত ...
গণ বাৰ্তা,মন্দিয়া,১এপ্ৰিলঃ বৰপেটা জিলা বাঘবৰ সমষ্টিৰ সত্ৰকণৰা চাচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত মন্দিয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্ধোগত বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে মন্দিয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি আলি আকবৰ আহমেদৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰশাসনিক ৰফিকুল ইছলামে। বিশাল নিৰ্বাচনী জনসভাত হাজাৰ হাজাৰ জনতাই সাংসদ গৌৰৱ গগৈৰ লগতে শ্বেৰমান আলী আহমেদক বিপুল সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়। উল্লেখ থাকে যে আজি কংগ্ৰেছ দলৰ সত্ৰকণৰা বিশাল নিৰ্বাচনী জনসভাত অগনণ কংগ্ৰেছ সমৰ্থকৰ উপস্থিতিত প্ৰমান কৰে যে ২০২১ৰ বিধান সভা নিৰ্বাচনত শ্বেৰমান আলী আহমেদৰ জয় নিশ্চিত বুলি উল্লেখ কৰে কংগ্ৰছ সমৰ্থক কৰ্মীয়ে।জানিব পৰা মতে একেদিনাই হেলিকপ্তাৰেৰে সকোৱাৰঝাৰ চৰত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰি সত্ৰকণৰা চাচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে সাংসদ গৌৰৱ গগৈয়ে। বিশাল নিৰ্বাচনী সভাত সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ দহ বছৰীয়া কাৰ্যকালৰ কিছু উল্লেখযোগ্য কামৰ খতিয়ান আৰু ভৱিষ্যত পৰিকল্পনা নামৰ হাত পুথি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। উক্ত নিৰ্বাচনী সভাত আমি সংঘাতৰ ৰাজনীতি নকৰো,উন্নয়ণৰ ৰাজনীতি কৰো,বাঘবৰৰ বিধায়কে সমগ্ৰ অসমৰ প্ৰত্যেকজন ধৰ্ম বৰ্ণ জাতি জনগোষ্ঠিৰ হৈ মাত মাতে,এনেকোৱা আদৰ্শ বিধায়ক আগন্তক বিধান সভাত আমাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে।মই কথা দিছো বিগত বিধায়ক শ্বেৰমান আলী আহমেদে যিমান খিনি কাম কৰিছে,যদি আগন্তক নিৰ্বাচনত শ্বেৰমান আলী আহমেদক নিৰ্বাচিত কৰে অহা পাঁছ বছৰত তাতকৈ দুগুণ কাম কৰিব বুলি মন্তব্য আগবঢ়ায় যুৱ নেতা সাংসদ গৌৰৱ গগৈয়ে। বিশাল নিৰ্বাচনী জনসভাত সোনাবাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি মফিজ উদ্দিনৰ লগতে সোনাবাৰী এআইইউডিএফৰ নিৰ্বাচনী কমিটিৰ সভাপতি ইলিয়াছ আলীয়ে আনুষ্ঠানিক ভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। বিশাল জনসভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান উপস্থিত থকাৰ লগতে কংগ্ৰেছ দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
No comments