Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমৰ পৰা বিজেপিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান গৌৰৱ গগৈৰ

গণবাৰ্ত,হাউলী,২ এপ্ৰিলঃ সমাগত নিৰ্বাচনত মহাজোঁটৰ ৪৩ নং বৰপেটা সদৰ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ এখন বিশাল নিৰ্বাচন...


গণবাৰ্ত,হাউলী,২ এপ্ৰিলঃ
সমাগত নিৰ্বাচনত মহাজোঁটৰ ৪৩ নং বৰপেটা সদৰ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ এখন বিশাল নিৰ্বাচনী সভা আজি আবেলি দিনৰ তিনি বজাত শ্বাহ আলমৰ পৌৰোহিত্যত তেমুৰা ডংৰা বজাৰত অনুষ্ঠিত হয় | সভাত অসমৰ প্ৰয়াত মূখ্য মন্ত্রী তৰুণ গগৈৰ পুত্র সাংসদ গৌৰৱ গগৈ উপস্থিত থাকি কয় যে অসমৰ সাম্প্ৰদায়িক,ফেঁচিষ্ট চৰিত্রৰ বিজেপি চৰকাৰ খনক উৎখাত কৰি এখন ধৰ্ম নিৰপেক্ষ মহাজোঁট চৰকাৰ গঠন কৰিবলৈ বৰপেটা বাসীক আহ্বান জনায় | সভাত আমছুৰ প্ৰাক্তন নেতা ৰিয়াজ উদ্দিন অাহমেদে অসমৰ মূখ্য মন্ত্রী সৰ্বনন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে বৰপেটা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী আঃ ৰহিম আহমেদক বিপুল ভোটত ভোটদান কৰি নিৰ্বাচিত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় | উক্ত সভাত বৰপেটা জিলা কংগ্ৰেছৰ উপ সভাপতি ৰুস্তম আলী,ইউডিএফৰ বৰপেটা সমষ্টি কমিটিৰ সভাপতি তৈয়ব হুছেইন খান,সমাজ কৰ্মী ছফিউৰ ৰহমান সহ ভালে সংখ্যক নেতা-কৰ্মীয়ে উপস্থিত থাকে | সভা খনত সমষ্টি খনৰ প্ৰায় পোন্ধৰ সহস্ৰাধিক পুৰুষ-মহিলা,যুৱক-যুৱতী উপস্থিত থাকে ।

No comments