Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পেঙেৰীত হস্ত নিৰ্মিত বন্ধুক সহ দুই চোৰাং চিকাৰী আটক, এজন পলাতক

গণ বাৰ্তা,ফিল'বাৰী,৭ এপ্ৰিলঃ প্ৰায় বিছ খনৰো অধিক সংৰক্ষিত বনাঞ্চল আৰু পাঁচটা বনাঞ্চলিক কাৰ্য্যালয়েৰে গঠিত তিনিচুকীয়া জিলাৰ ডুমডুমা বনস...


গণ বাৰ্তা,ফিল'বাৰী,৭ এপ্ৰিলঃ
প্ৰায় বিছ খনৰো অধিক সংৰক্ষিত বনাঞ্চল আৰু পাঁচটা বনাঞ্চলিক কাৰ্য্যালয়েৰে গঠিত তিনিচুকীয়া জিলাৰ ডুমডুমা বনসংমণ্ডল সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে বনজ সম্পদত চহকী অন্যতম অঞ্চল।ডুমডুমা সংৰক্ষিত বনাঞ্চলতেই পোৱা যাই অসমৰ জাতীয় গছ হোলোং গছ।তিনিচুকীয়া জিলাত থকা বনাঞ্চল সমুহ ইতিমধ্য চোৰাং কাঠ মাফিয়াৰ কবলত পৰি বনাঞ্চল সমুহ জনাঞ্চললৈ গতি কৰিছে।বনাঞ্চল সমুহত চোৰাং কাঠ মাফিয়াই বৃহৎ বৃহৎ গছ কাটি তহিলং কৰিছে তেনে নহয় চোৰাং চিকাৰিয়েও বনাঞ্চলত থকা বন্য জীৱ- জন্তু চিকাৰ কৰি আহিছে।আজি সন্ধিয়া ৭ মান বজাত পেঙেৰী দিহিং ৰেইন ফৰেষ্টত ৰজা আলিত বন বিভাগে এক গোপন সুত্ৰৰ পম খেদি দুজন চোৰাং চিকাৰী আটক কৰিবলৈ সক্ষম হয়।ডুমডুমা আঞ্চলিক বন বিষয়া হীৰেন মেদকৰ নেতৃত্বত, বিপুল হাজৰিকা ,মদন দত্ত সহযোগত লগতে পেঙেৰীৰ আৰক্ষীৰ যুটীয়া অভিযানতৰজা আলিৰ খণ্ড বন কাৰ্যালয়ৰ কাষৰ বনাঞ্চলত দুজন চোৰাং চিকাৰী বন বিভাগে আটক কৰিবলৈ সক্ষম হয়।আটকাধীন চোৰাং চিকাৰী কেইজন হ'ল পেঙেৰীৰ বুঢ়ীদিহিং মৌজাৰ গাড়া লাইনৰ বাসিন্দা বিৰ্জু মুখীয়া আৰু পেঙেৰী টেকেৰীৰ মাজুলী গাঁৱৰ উকীল মৰাণ বুলি জানিব পৰা গৈছে।বন বিভাগ আৰু পেঙেৰী আৰক্ষীৰ যুটীয়া অভিযানত চোৰাং চিকাৰী দুজনৰ পৰা হস্ত নিৰ্মীৰ্ত দুটাকৈ বন্ধুক আৰু এখন এ এছ ২৩ এএ ০৬৯৯ নম্বৰ মটৰ হিৰ গ্লেমাৰ মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হয় পেঙেৰীৰ বন বিভাগে ।চোৰাং চিকাৰী দলটোত থকা অনন্ত বৰা নামৰ আন এজন চোৰাং চিকাৰী আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।বন বিভাগে গ্ৰেপ্তাৰ কৰা দুজন চোৰাং চিকাৰীক পেঙেৰীৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে।

No comments