Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মতাপুং মাগুৰি বিলত অইল খাদ সম্প্ৰসাৰণৰ কাম পূৰ্ণগতিত, ক্ষোভিত দল -সংগঠন

মাইনু মৰাণ, ডুমডুমা : পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ বাৰেকুৰীৰ সমীপৰ মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান ...


মাইনু মৰাণ, ডুমডুমা
: পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত তিনিচুকীয়া জিলাৰ বাৰেকুৰীৰ সমীপৰ মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে অইলে খাদ সম্প্ৰসাৰণৰ কাম পূৰ্ণ গতিত চলিয়ে আছে। এই কাম বন্ধ কৰাৰ দাবী জনোৱাৰ পিছতো অইল কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত সদৌ মৰাণ ছাত্ৰ সন্থা, বাৰেকুৰী আঞ্চলিক যুৱ সংঘ, বাৰেকুৰী আঞ্চলিক মহিলা সমিতি আদি বিভিন্ন দল সংগঠন ক্ষোভিত হৈ পৰিছে। মতাপুং মাগুৰি বিলৰ নিচেই কাষতে অইল ইণ্ডিয়া লিমিটেডে তৈল খাদ স্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰি বাৰেকুৰি আঞ্চলিক যুৱ সংঘ আৰু বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ যৌথ আহ্বানত অইল অৱৰোধ অব্যাহত ৰাখিছে। মতাপুং মাগুৰি বিলৰ প্ৰস্তাৱিত তৈলখাদটোৰ কাম সম্পূৰ্ণ বন্ধ কৰি স্থান সলনি কৰাৰ দাবীত যোৱা ৩ এপ্ৰিলৰ পৰা অইলৰ বাৰেকুৰিস্থিত তৈলখাদৰ খনন, উৎপাদন আৰু পৰিবহন সম্পূৰ্ণ ৰূপে বন্ধ কৰি অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। অইলে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্ট কাললৈ এই প্ৰতিবাদ চলি যাব বুলি সদৰী কৰিছে। মতাপুং মাগুৰি বিল আৰু পাৰ্শ্ববৰ্তী অঞ্চলত ভৱিষ্যতৰ দিনত পৰিব পৰা প্ৰভাৱ, বিপদৰ আশংকা কৰি সংগঠন কেইটাই শীঘ্ৰে এই কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় আহিছে। উল্লেখযোগ্য যে, বাঘজান তৈল খাদৰ পৰা মধুবনলৈ ৰাইজৰ প্ৰতিবাদক নেওচি বিলখনৰ ওপৰেদি পাইপ লাইন স্থাপন কৰিলে। যাৰ পৰিণতিত বিগত ২০১৮ চনৰ ১৪ ছেপ্টেম্বৰত উক্ত পাইপ লাইন ফুটি বিলখনৰ পৰিৱেশতন্ত্ৰত বিস্তৰ ক্ষতিসাধন কৰিছিল। এতিয়া পুনৰ বিলৰ ওপৰেৰে গেছ পাইপ লাইন স্থাপনৰ কামো পূৰ্ণ গতিত চলাই আছে। উল্লেখ কৰিব লাগিব যে, বিগত ২০২০ বৰ্ষৰ ২৭ মেত অইলৰ বাঘজানৰ BGR ৫ নং তৈলখাদত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল। সেই অগ্নিকাণ্ডই প্ৰায় ৬ মাহ ধৰি মতাপুং মাগুৰি বিল আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ব্যাপক পৰিৱেশ প্ৰদূষণৰ লগতে জন- জীৱনৰ বৃহৎ ক্ষতি কৰিছিল। অইল ইণ্ডিয়া তথা চৰকাৰে উক্ত ঘটনাৰ ফলত জৈৱ বৈচিত্ৰ্য তথা প্ৰাকৃতিক পৰিৱেশৰ যি ক্ষতিসাধন হ'ল তাক পুনৰুদ্ধাৰৰ পৰিৱৰ্তে নতুনকৈ খাদ স্থাপন কৰিবলৈ বিচৰা কাৰ্য্যত স্থানীয় ৰাইজে সহজে লব পৰা নাই। এইক্ষেত্ৰত আজি পৰ্যন্ত মতাপুং মাগুৰী বিলৰ পানী পৰিশোধন নতুবা পৰিৱেশ প্ৰদূষণৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অইলৰ গণ বিৰোধী কাৰ্যক ধিক্কাৰ দিছে। বৰঞ্চ এই ঘটনাৰ ভয়াৱহতা মাৰ নৌযাওঁতেই অইল ইণ্ডিয়া লিমিটেডে মতাপুং মাগুৰি বিলৰ বুকুৰ পৰা তৈল আহৰণৰ উদ্দেশ্যে বাঘজান চাহ বাগিচাৰ ৬ নং লাইনত বিলৰ নিচেই কাষতে খাদ সম্প্ৰসাৰণৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে। মতাপুং মাগুৰি বিলৰ ভৱিষ্যতৰ দিনত হব পৰা বিপদৰ আশংকা কৰি স্থানীয় ৰাইজে তীব্ৰ বিৰোধিতা কৰি খাদটোৰ স্থান সলনি কৰিবলৈ দাবী জনাই আহিছে। উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মাগুৰি মতাপুং বিলতে বিশ্বৰ দুষ্প্ৰাপ্য পক্ষী মেণ্ডেৰীণ ডাক বিচৰণ কৰা দেখা গৈছিল।

No comments