Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিৱসাগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ; উদ্ধাৰ এখন চুইচাইড নোট

প্ৰতিবেদক, নাজিৰা, ৮এপ্ৰিলঃ শিৱসাগৰৰ ডিমৌমুখত বুধবাৰে ৰহস্যজনক ভাৱে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ শোৱনী কোঠাতে উদ্ধ...


প্ৰতিবেদক, নাজিৰা, ৮এপ্ৰিলঃ
শিৱসাগৰৰ ডিমৌমুখত বুধবাৰে ৰহস্যজনক ভাৱে চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ শোৱনী কোঠাতে উদ্ধাৰ হয় তিনি সন্তানৰ মাতৃ চাজিনা বেগম (২৮) নামৰ মহিলা গৰাকীৰ মৃতদেহ । ইপিনে সাত মহীয়া কেঁচুৱা সন্তান থকা মহিলা গৰাকীক স্বামী তেবাৰুল আলিয়ে হত্যা কৰি চীপ দি ওলোমাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে চাজিনা বেগমৰ আত্মীয়-স্বজনে । দীৰ্ঘদিনৰে পৰা স্বামীয়ে শাৰীৰিক, মানসিক নিৰ্যাতন চলাই অহাত ইতিপূৰ্বে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল জানিবলৈ দিয়ে মৃত মহিলাগৰাকীৰ ভাতৃ আৰু সম্বন্ধীয় বৌৱেকে । মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এতিয়া উক্ত ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ ইফালে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন চুইচাইড নোটো উদ্ধাৰ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে মৃত মহিলাগৰাকীৰ স্বামী আৰু শাহুয়েকে হত্যাৰ অভিযোগ অস্বীকাৰ কৰাৰ লগতে দীৰ্ঘদিনৰে পৰা চাজিনা বেগম স্নায়ু আৰু মানসিক ৰোগত আক্ৰান্ত হৈ আছিল বুলি দাবী কৰিছে ।

No comments