Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিজেপিৰ বিটিম হিচাপে কাম কৰি আছেঃ আজমল

  দিদাৰ হুছেইন,হাউলী,২ মাৰ্চঃ ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ মহাজোঁটৰ এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ এখন বিশাল নিৰ্বাচনী সভা ...

 


দিদাৰ হুছেইন,হাউলী,২ মাৰ্চঃ ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ মহাজোঁটৰ এআইইউডিএফৰ মনোনীত প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ এখন বিশাল নিৰ্বাচনী সভা শুক্ৰবাৰে দিনৰ ১১ বজাত এডিপি বজাৰত প্ৰাঙ্গণত অনুষ্ঠিত হয় | এআইইউডিএফৰ বৰপেটা জিলা সমিতিৰ সভাপতি স্বামচ উদ্দিন আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত নিৰ্বাচনী সভাত এআইইউডিএফ দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে উপস্থিত থাকি কয় যে সমাগত নিৰ্বাচনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে অসমৰ বিভিন্ন সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজেপিক সহায় কৰি আছে | সেই হেতুকে এই দুয়োটা দলেই বিজেপিৰ বিটিম হিচাপে মন্তব্য কৰে | লগতে অসমৰ বিজেপি চৰকাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতেই বিজেপি শেষ হৈছে, কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট চৰকাৰ হোৱাটো খাটাং হৈ পৰিছে বুলি বদৰুদ্দিন আজমলে মন্তব্য কৰে | মহাজোঁটৰ চৰকাৰ আহিলে স্বাস্থ্য, চৰৰ মাটিৰ পাট্টা, শিক্ষা,যাতায়ত আৰু পাঁচ লাখ চৰকাৰী চাকৰি পঁচিশ লাখ বেচৰকাৰী চাকৰি অসমৰ নিবনুৱা যুৱক-যুৱতী কৰ্ম সংস্থাপন দিয়া হ'ব বুলি আজমলে ঘোষণা কৰে | মহাজোঁটে এই নিৰ্বাচনত পাঁচটা গেৰান্টী লৈ আগবাঢ়ি আহিছে কিন্তু বিজেপি হৈছে চাইনীজ মাল, সেইকাৰণে তেওঁলোকে কোনো গেৰান্টী দিব পৰা নাই বুলি কটাক্ষ কৰে | ইপিনে ভৱানীপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবুল কালাম আজাদ বিজেপিৰ এ টীম হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, কালামক এটা ভোট দিলে বিজেপিক দুটা ভোট দিয়া বুজাব তেনে প্ৰাৰ্থীৰ পৰা ভোটাৰ সকলক বিৰত থাকিবলৈ আজমলে আহ্বান জনায় আৰু ভৱানীপুৰ সমষ্টিৰ ইউডিএফ প্ৰাৰ্থী ফনীধৰ তালুকদাৰক তলা চাবিৰ ছবিত টীপ মাৰি বিপুল ভোটত ভোটদান কৰি জয়যুক্ত কৰি ৰাইজক আহ্বান জনায় | উক্ত নিৰ্বাচনী সভাত ইউডিএফৰ কেন্দ্ৰীয় সম্পাদক মুন্তাজ আলী আহমেদ,দলৰ জিলা সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন, বিপিএফৰ নেত্ৰী নাৰায়ণী বসুমতাৰী,চিপিআইএমৰ নেতা অক্ষয় ডেকা,এআ ইউডিএফৰ উপ সভাপতি আব্দুল কাদেৰ,বিধায়ক আব্দুৰ ৰহিম আজমল প্ৰাৰ্থী ফনীধৰ তালুকদাৰ আদিয়ে উপস্থিত থাকি বিজেপিৰ স্বৈৰাচাৰী শাসন, বিজেপিৰ সাম্প্ৰদায়িক,গণতন্ত্ৰ বিৰোধী সংবিধানৰ পৰিপন্থি কাম কৰা চৰকাৰ খনক অসমৰ পৰা উৎখাত কৰি অসমত এক ধৰ্ম নিৰপেক্ষ মহাজোঁট চৰকাৰ গঠন কৰিবলৈ ৰাইজক কাতৰ কণ্ঠে আহ্বান জনায় |উক্ত সভাত কুৰি হাজাৰৰো অধিক পুৰুষ-মহিলা, যুৱক-যুৱতি অংশ গ্ৰহন কৰে |

No comments