Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত তীব্ৰ চাঞ্চল্য। দেৱী চৰণ ছোৱালী মহাবিদ্যালয়ৰ ১১ গৰাকী ছাত্ৰী আক্রান্ত কোৰোণাত

গণ বাৰ্তা, যোৰহাট, ৬ এপ্ৰিলঃ যোৰহাট দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ ১১ গৰাকীকৈ ছাত্ৰী কোৰেণাত আক্ৰন্ত হোৱাৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি...


গণ বাৰ্তা, যোৰহাট, ৬ এপ্ৰিলঃ যোৰহাট দেৱীচৰণ ছোৱালী মহাবিদ্যালয়ৰ ১১ গৰাকীকৈ ছাত্ৰী কোৰেণাত আক্ৰন্ত হোৱাৰ ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। যোৰহাটৰ জিলা উপায়ুক্ত আৰ অপৰঞ্জী কৰাটিয়ে জনোৱা অনুসৰি যোৰহাটৰ মহাবিদ্যালয় সমূহত আজিৰে পৰা আৰম্ভ কাৰা হৈছিল কোৰোণা ভাইৰাছৰ ৰেপিড এন্টিজেন পৰীক্ষা। আৰু তাৰ পিছতেই ১১ গৰাকী ছাত্ৰীৰ শৰীৰত ধৰা পৰে মাৰাত্মক ক'ভিডৰ অৱস্থিতি।ইয়াৰে ৩ গৰাকী মহাবিদ্যালয়খনৰ ছাত্ৰী নিৱাসৰ বাসিন্দা আৰু আন কেইগৰাকী ছাত্ৰী যোৰহাটৰ বিভিন্ন প্ৰান্তৰ বুলি জানিবলৈ দিয়ে  উপায়ুক্ত গৰাকীয়ে। বৰ্তমান আটাই কেইগৰাকী ছাত্ৰী হোম আইছ'লেছনত আছে। ছাত্ৰী নিৱাসৰ তিনিও গৰাকী বাসিন্দাক আছুতিয়া কোঠাত ৰখা হৈছে।উল্লেখ্য যে আজি যোৰহাটৰ ডিচিবি ছোৱালী মহাবিদ্যালয়, জ. বি. কলেজ, জিষ্ট আৰু তিতাবৰৰ এন এন শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ কোৰোণা পৰীক্ষা কৰোৱা হয়। জিলা খনৰ মুঠ ১৯ খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক কৰোৱা কোৰোণাৰ পৰীক্ষা। চলিত মাহৰ ৬ তাৰিখৰ পৰা ২১ তাৰিখলৈকে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক কৰোৱা হ'ব কোৰোণাৰ পৰীক্ষা। ইফালে জিলা উপায়ুক্ত গৰাকীয়ে যোৰহাটবাসীক কোৰোণা ভাইৰাছৰ বিৰুদ্ধে সজাগ হোৱাৰ লগতে মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনায়।  ( ঋতুৰাজ ফুকন ,যোৰহাট  )

No comments