Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মঙলদৈত চাৰি দিনীয়া বিহু কৰ্মশালাৰ আৰম্ভনি

ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ৮ এপ্ৰিল : বিগত বছৰটোত মহামাৰী কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা দৰংবাসীয়ে এইবেলি ৰঙা...


ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ৮ এপ্ৰিল
: বিগত বছৰটোত মহামাৰী কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হোৱা দৰংবাসীয়ে এইবেলি ৰঙালীক আদৰিবলৈ সাজু হৈছে । এই উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন বিহু কৰ্মশালাৰ । ইয়াৰ অংশ হিচাপে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম আঞ্চলিক উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভক্ত পাৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত হেত আৰিমাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে চাৰিদিনীয়া বিহু কৰ্মশালা । এই বিহু কৰ্মশালা খনি শুভাৰম্ভণি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশীয়ে । বিহু কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ত্ৰিদিব ডেকা, উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি নিপু ডেকা, সহকাৰী সাধাৰণ সম্পাদক বিনয় ডেকাৰ লগতে আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া ৰ লগতে বহুকেইগৰাকী ব্যক্তি । এই বিহু কৰ্মশালাত কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকৰ জৰিয়তে বিহুনাচ ,ঢোল বাদন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি জনাইছে উদ্যোক্তা সকলে ।

No comments