Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ইটাখোলাত এন.ই ৰেকৰ্ডছৰ বেনাৰত "পাঞ্জা" বোলছবিৰ শুভ মূহুৰত আৰু দৃশ্য গ্ৰহণ

গণ বাৰ্তা,ইটাখোলা ২ এপ্ৰিলঃ বিশ্বনাথ জিলাৰ ইটাখোলাৰ সমীপ চেঙামাৰীস্থিত বাথৌ মন্দিৰ প্ৰাংগনত এন ই ৰেকৰ্ডছৰ বেনাৰত আৰু স্থানীয় উদিয়মান পৰিচ...


গণ বাৰ্তা,ইটাখোলা ২ এপ্ৰিলঃ
বিশ্বনাথ জিলাৰ ইটাখোলাৰ সমীপ চেঙামাৰীস্থিত বাথৌ মন্দিৰ প্ৰাংগনত এন ই ৰেকৰ্ডছৰ বেনাৰত আৰু স্থানীয় উদিয়মান পৰিচালক পাম্পু মহলীয়াৰ পৰিচালনাত "পাঞ্জা" বোলছবিৰ কালি শুভ মূহুৰত আৰু প্ৰথম দৃশ্য গ্ৰহণ কৰা হয় । চাহ জনগোষ্ঠীয় ভাষাত নিৰ্মাণ হব লগীয়া বোলছবিৰ প্ৰথম দৃশ্য গ্ৰহণ কৰাৰ পূৰ্বে উক্ত বাথৌ অৰ্থাৎ শিৱ মন্দিৰত বোলছবিৰ পৰিচালক,নায়ক নায়িকাৰ লগতে অন্যান্য শিল্পী সকলে পূজা অৰ্চনা কৰে ।পূজা অৰ্চনাৰ পিছত তথা বোলছবিৰ শুভাৰম্ভণি দৃশ্য গ্ৰহণৰ আগমুহূৰ্তত অনুষ্ঠিত হোৱা অনুষ্ঠানত স্থানীয় চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধিৰেণ বৰা,অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নদুৱাৰ শাখা সমিতিৰ সভাপতি আনন্দ তচা, জনপ্ৰিয় শিল্পী শ্যাম নাগকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে । একস্কন,চাচপেঞ্চ, কমেডি, আৰু ৰোমাঞ্চ আদিৰে ভৰপূৰ উক্ত বোলছবিৰ মূখ্য অভিনেতা অভিনেত্ৰী ক্ৰমে চাহগোষ্ঠী সমাজত জনপ্ৰিয় চিমছন ভেংৰা,তৃষ্ণা তাতি, প্ৰীয়া তচা,দ্বীপেন মহান্তি ,শ্যাম নাগ আৰু ৰবিনছন বৰা ।এই কেইজন অভিনেতা আৰু অভিনেত্ৰীৰ ওপৰিও স্থানীয় কেইবাগৰাকী নতুন যুবক -যুবতীয়ে বোলছবি খনত অভিনয় কৰাৰ সুযোগ প্ৰদান কৰা হব বুলি পৰিচালক গৰাকীয়ে জানিব দিয়ে । বোলছবি খনত কণ্ঠদান কৰিছে জুবিন গাৰ্গ , শতাব্দী বৰা ,মাইকেল পাতৰ,শ্যাম নাগ আৰু দীপজ্যোতি কুৰ্মীয়ে । দৃশ্য গ্ৰহণ অৰ্থাৎ কেমেৰা মেনৰ দায়িত্বত আছে নিৰেন ৰেংগন ।

No comments