Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিয়নিত মৃত নাহৰ ফুটুকী উদ্ধাৰ

  গণ বাৰ্তা মৰিয়নি, ৫ মাৰ্চঃ মৰিয়নিৰ নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপৰ নিউ সোনোৱাল চাহ-বাগিছাত আজি এটা মৃত নাহৰফুটুকী উদ্ধাৰ হয় । ...

 


গণ বাৰ্তা মৰিয়নি, ৫ মাৰ্চঃ মৰিয়নিৰ নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপৰ নিউ সোনোৱাল চাহ-বাগিছাত আজি এটা মৃত নাহৰফুটুকী উদ্ধাৰ হয় । বাগিছাখনৰ ১০ নং চেকছনত বাগিছাৰ চকীদাৰে মৃত অৱস্থাত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰে আৰু বাগিছাৰ কৰ্তৃপক্ষক অৱগত কৰে । পিছত বাগিচা কৰ্তৃপক্ষই নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ত অৱগত কৰে । বন বিভাগৰ লোকে নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰুৱাৰ নেতৃত্বত হোলোঙাপাৰ গিবন অভয়াৰণ্যত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে আৰু তাতেই শেষকৃত্য সম্পন্ন কৰে । মৃত নাহৰফুটুকীটোৰ বয়স প্ৰায় দহ বছৰ বুলি বন বিভাগে অনুমান কৰাৰ লগতে নাহৰফুটুকীটো মতা আছিল বুলিও জানিবলৈ দিছে । নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও কোনো দুস্কৃতিকাৰীয়ে এটা নলাত আবদ্ধ হৈ থকা বাঘটো হানি খুচি নিধন কৰাৰ সন্দেহ কৰা হৈছে ।

No comments