Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাজিৰা, মথুৰাপুৰ আৰু লাকুৱাত বিহুৰ কৰ্মশালা

গণবাৰ্তা নাজিৰা, ৭এপ্ৰিলঃ বিহু সংস্কৃতি ৰক্ষা আৰু নতুন প্ৰজন্মক বিহু-নৃত্য, গীত-বাদ্যৰে সু-প্ৰশিক্ষিত কৰি তোলা উদ্দেশ্য নাজিৰাৰ লাকুৱা, মথু...


গণবাৰ্তা নাজিৰা, ৭এপ্ৰিলঃ
বিহু সংস্কৃতি ৰক্ষা আৰু নতুন প্ৰজন্মক বিহু-নৃত্য, গীত-বাদ্যৰে সু-প্ৰশিক্ষিত কৰি তোলা উদ্দেশ্য নাজিৰাৰ লাকুৱা, মথুৰাপুৰ আৰু মাইবেলাত পৃথকে পৃথকে বিহু নাচ, ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে ৷ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুত কেন্দ্ৰৰ বিষুজ্যোতি প্ৰেক্ষাগৃহ যোৱা ২ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাখনিত শতাধিক কণ কণ শিশু, যুৱক যুৱতীয়ে প্ৰশিক্ষণ লোৱা উপৰিও অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলেও অংশগ্ৰহণ কৰিছে ৷ তিনি চাৰি বছৰ বয়সৰ ল’ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰি ঢোল, পেঁপা মাত শতাধিক নাচনীয়ে তালে তালে নাচি অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আগজাননী দিয়া নহয় অঞ্চলটো এক উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰিছে ৷ বৰ বিহুৱতী নিৰ্মলা দাস, বেবী নেওগ দত্ত আৰু বিমান ভৰালী সংগীবৃন্দৰ দ্বাৰা প্ৰশিক্ষিত হোৱা প্ৰশিক্ষাৰ্থী সকলৰ বিহু নাচ আৰু ঢোল বাদনে দশৰ্ক সকলক আপ্লুত কৰি তুলিছে ৷ আনহাতে আহোম জাতীয় গণ মঞ্চৰ স্থানীয় আঞ্চলিক সমিতিৰ উদ্যোগত চ্যুকাফা সমন্বয় যুৱক সংঘ আৰু ৰাইজৰ সহযোগত লাকুৱা চাৰিঙ্গীয়া কোঁৱৰ গাঁও ৰাজহুৱা খেল পথাৰত যোৱা ২১ মাৰ্চৰ পৰা বিহু নাচ, ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈ আছে ৷ এই কৰ্মশালা স্থানীয় যুৱক যুৱতী, কণ কণ ল’ৰা, ছোৱালীয়ে অংশগ্ৰহণ কৰা লগতে স্বতঃস্ফুৰ্ত ভাৱে ৰাইজৰ সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ৷ কৰ্মশালাখনিৰ পৰা উঠি অহা প্ৰজন্মই শুদ্ধৰূপত ঢোল বাদন আৰু বিহু নাচ পৰিবেশ কৰিবলৈ সক্ষম হ'ব বুলি অভিভাৱক তথা ৰাইজে আশা প্ৰকাশ কৰিছে ৷

No comments