Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাৰ খাৰমাটিত লোমহৰ্ষক হত্যাকাণ্ড; হাতুৰিৰে মৰিয়াই বৃদ্ধক হত্যা দুৰ্বৃত্তৰ

গণ বাৰ্তা,মুছলপুৰ, ০৮ এপ্ৰিল : এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বাক্সা জিলাক ৷ ঘটনাৰ বিৱৰণী মতে, জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গ...


গণ বাৰ্তা,মুছলপুৰ, ০৮ এপ্ৰিল
: এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বাক্সা জিলাক ৷ ঘটনাৰ বিৱৰণী মতে, জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত খাৰমাটিত যোৱা নিশা সংঘটিত এই হত্যাকাণ্ড ৷ জমিন মুৰ্মু(৬০) নামৰ এগৰাকী অকলশৰীয়া বৃদ্ধক হাতুৰীৰে কোবাই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ আজি ৰাতিপুৱা বহু দেৰিলৈকে বৃদ্ধ গৰাকীয়ে শোৱাপাটীৰ পৰা শুই নুঠাত ভাতৃয়ে সন্দেহবশত: তেওঁৰ ঘৰলৈ আহি বিচনাত প্ৰত্যক্ষ কৰে বৃদ্ধ গৰাকীৰ ৰক্তাক্ত মৃতদেহ ৷ বৃদ্ধগৰাকীৰ মূৰত হাতুৰীৰে কোবোৱাৰ চিন প্ৰত্যক্ষ কৰে ভাতৃৰ লগতে স্থানীয় ৰাইজে ৷ পিছত বাগানপাৰা আৰক্ষীৰ এটা দলে আহি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ জানিব পৰামতে মৃত বৃদ্ধ গৰাকীৰ ঘৰ লেব্ৰা শান্তিপুৰত যদিও বিগত ছয়বছৰ ধৰি সমীপৱৰ্তী খাৰমাটিত অকলশৰীয়াকৈ আছিল ৷ বাতৰি লিখা পৰলৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনা সংক্ৰান্তত অনুসন্ধান অব্যাহত ৰাখিছে ৷

No comments