Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চিকিৎসাৰ অভাৱত চাৰি মাহে শয্যাগত অৱস্থাত গোৱৰ্ধনাৰ দুদ নাথ গৌৰ; মন্ত্ৰী হিমন্ত বিশ্ব,বিধায়ক ৰঞ্জিত দাসলৈ সাহায্য বিচাৰি কাতৰ আহ্বান

গণ বাৰ্তা, ৮ এপ্ৰিল, শালবাৰী : বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ গোৱৰ্দ্ধনা গাঁৱৰ দুদ নাথ গৌৰ নামৰ এগৰাকী ৰাজমিস্ত্ৰী সুচিকিৎসাৰ অভাৱত চাৰিমাহে শয্...


গণ বাৰ্তা, ৮ এপ্ৰিল, শালবাৰী
: বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ গোৱৰ্দ্ধনা গাঁৱৰ দুদ নাথ গৌৰ নামৰ এগৰাকী ৰাজমিস্ত্ৰী সুচিকিৎসাৰ অভাৱত চাৰিমাহে শয্যাগত হৈ আছে৷ ৰাজমিস্ত্ৰী কাম কৰি পৰিয়াল চলোৱা ব্যক্তি দুদ নাথ গৌৰে অৱশেষত চিকিৎসাৰ বাবে সাহায্য বিচাৰি অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু নিজ সমষ্টি সৰভোগৰ বিধায়ক ৰঞ্জিত দাসক কাতৰ আহ্বান জনাইছে৷ প্ৰথমাৱস্থাত জণ্ডিছ ৰোগত আক্ৰান্ত দুদ নাথ গৌৰ সম্প্ৰতি অন্য ৰোগত আক্ৰান্ত হৈ পৰিছে যদিও আৰ্থিকভাৱে অতিকে জুৰুলা পৰিয়ালটোৰ মুৰব্বী হিচাপে তেওঁ নিজেই আজি চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷নিৰ্বাচনৰ সময়ত বিধায়ক ৰঞ্জিত দাসৰ কন্যা ৰজাস্কিয়া ৰঞ্জিত (ৰজা)য়ে কিছু আৰ্থিক সাহায্য দুদ নাথ গৌৰক আগবঢ়াইছিল যদিও এতিয়া চিকিৎসাৰ লগতে পৰিয়ালটো চলাই নিয়াত বাৰুকৈয়ে অভাৱে দিখা দিছে পৰিয়ালটোক৷দুদ নাথ গৌৰে আজি শয্যাগত অৱস্থাৰপৰাই  মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক ৰঞ্জিত দাসলৈ কাতৰ ভাবে আহ্বান জনাইছে- আপোনালোকেই মোৰ শেষ ভৰষা,যদি উদ্ধাৰ কৰে তেতিয়াহ’লে মই বাছি থাকিব পাৰিম,পৰিয়ালটো জীয়াই থাকিব পাৰিব৷ উল্লেখ্য যে চৰকাৰীভাৱে পোৱা ৰেচন কাৰ্ডৰ ২০ কেজি চাউলেৰে কোনোমতে পৰিয়ালটো চলাই নিছে৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দুদু নাথ৷ উল্লেখ্য,বেঁকী নৈৰ গৰাখহনীয়াৰ বাবে দুদু নাথ গৌৰৰ পৰিয়ালটো গোৱৰ্দ্ধনাৰ পৰা সম্প্ৰতি গামাৰিগুৰীবাসী হৈ আছে৷ বেঁকী নৈৰ খহনীয়াত সৰ্বোচ্চ হেৰুৱাই এতিয়া পুত্ৰ হেৰুওৱাৰ শংকাত ভুগি দুদ নাথ গৌৰৰ বৃদ্ধা মাতৃয়ে ৰাইজলৈ পুত্ৰৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰিছে৷ দুদ নাথ গৌৰৰ পত্নী ৰঞ্জিতা গৌৰৰ বেঙ্ক একাউণ্ট নম্বৰ 7105010003447, IFSC-  UTB10RRBAGBত কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিলে পৰিয়ালটো উপকৃত হ’ব৷

No comments