Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

গণবাৰ্তা, নগৰবেৰা ২ এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৪৮ নং বকো বিধান সভা সমষ্টিত বিভিন্ন ৰাজনৈ...


গণবাৰ্তা, নগৰবেৰা ২ এপ্ৰিলঃ
তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ আৰু মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৪৮ নং বকো বিধান সভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী নন্দিতা দাসে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে । আজি ধিং সমষ্টিৰ এআইইউিএফ বিধায়ক আমিনুল ইছলামে বকো সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী নন্দিতা দাসৰ হৈ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায। সমষ্টিটোৰ টুপামাৰীত আয়োজিত কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী সভাত আমিনুল ইছলামে ভাষণত কয় যে বিজেপিয়ে অসমত ধৰ্মীয় সংঘাতময় পৰিবেশ সৃষ্টি কৰি শংকৰ-আজানৰ মিলন ভূমি অসমত নাকপুৰীয়া অপসংস্কৃতি জাপি দি আমাৰ ভৱিষ্যত প্ৰজন্মক বিপদসংকূলৰ ফালে লৈ যাব বিচাৰিছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমখনক ৰক্ষা কৰিবলৈ আমি মহাজোঁট গঠন কৰিছে। অগপক ভোট দিয়া মানে বিজেপিক ভোট দিয়া হব বুলি কৈ আমিনুল ইছলাম কয় য়ে অগপ - বিজেপি মিত্ৰজোঁটে অসম খন ধ্বংস কৰিব বিচাৰিছে।হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি বিজেপিয়ে কা আইন পালন কৰি বিদেশী আমদানি কৰি অসমখনক  অস্থিৰ কৰিব বিচাৰে। সেয়ে অসমক ৰক্ষা কৰাৰ স্বাৰ্থত মহাজোঁটৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায় আমিনুল ইছলামে। ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামে সভাপতিত্ব কৰা সভাত ছত্তিশগড়ৰৰ বিধায়ক গোলাপ কামৰোৱে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি দেশৰ উন্নয়ণ আৰু প্ৰগতিৰ স্বাৰ্থত ৰাইজক মহাজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে থিয় দিয়াৰ আহ্বান জনায়। সভাত কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থী বিধায়িকা নন্দিতা দাসে অগপ-বিজেপিক সমালোচনা কৰাৰ লগতে সমষ্টিটোত ভোট কটা কোনো পাৰ্টীক ভোট নিদিবলৈ কয়। তদুপৰি নন্দিতা দাসে সকলোৰে আৰ্শীবাদ বিচাৰি অহা ৬ এপ্ৰিলত আল্লা-ভগবানক চিন্তি তেওঁৰ প্ৰতীক চিহ্ন হাতৰ ছবিত সকলোকে ভোট দিবলৈ অনুৰোধ জনায়। 

No comments