Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাৰিদিনৰ পাচত মাতৃভূমিত চি.আৰ.পি.এফৰ বীৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি

  গণবাৰ্তা আজাৰা, ৬ এপ্ৰিল : অৱশেষত চাৰিদিনৰ পাছত আজি পুৱা নিজ মাতৃভূমি আহি পালে ছটীশগড়ৰ বিজাপুৰত ঘন অৰণ্যত মাওবাদীৰে সংঘৰ্ষত নিহত হোৱা চি....


 গণবাৰ্তা আজাৰা, ৬ এপ্ৰিল : অৱশেষত চাৰিদিনৰ পাছত আজি পুৱা নিজ মাতৃভূমি আহি পালে ছটীশগড়ৰ বিজাপুৰত ঘন অৰণ্যত মাওবাদীৰে সংঘৰ্ষত নিহত হোৱা চি.আৰ.পি.এফৰ ২১০ বেটেলিয়ানৰ কোব্রা কোম্পানীৰ পৰিদর্শক দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ। পুৱা ৮ বজাত বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আহি পোৱাৰ পাছত এখন বাহনৰে পোনে পোনে ওচৰতে থকা ১৭৫ চি.আৰ.পি এফ.বি.এনৰ ধাৰাপুৰস্থিত শিবিৰলৈ অনা হয়। শিবিৰত চি.আৰ.পি.এফৰ উত্তৰ পূব ক্ষেত্ৰৰ বিশেষ সঞ্চালক প্ৰধান এছ আৰ ওজা, নমাইলস্থিত গ্ৰুপ চেণ্টাৰৰ ডি. আই.জি. ৰাকেশ ছেত্ৰী, ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মা, চেকেণ্ড - ইন - কমাণ্ডদ্বয় পি খৰমজাই আৰু কে এল ধীমানকে ধৰি বাহিনীটোৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া , অসম চৰকাৰৰ গৃহ বিভাগৰ সচিব শ্যাম ভূঞা , গৃহ আয়ুক্ত এম মণিবন্ধন , গুৱাহাটী পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তই বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । আনহাতে শিবিৰত উপস্থিত চি আৰ পি এফৰ বিষয়া- জোৱান সকলে বীৰ শ্বহীদ দিলীপ কুমাৰ দাস অমৰ ৰহে , ভাৰত মাতা কি জয় , বন্দে মাতৰম ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । অনুষ্ঠানত বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ নিজ গৃহৰ ওচৰৰ কেবাজনো বাল্যবন্ধু উপস্থিত থাকে । তাৰপাছত পুনৰ বিশেষ বাহনৰে তেওঁৰ মৃতদেহ সৰুপেটাৰ নিজগৃহলৈ লৈ যোৱা হয় ।

No comments