Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজমলে কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন মোল্যাৰ বিৰুদ্ধে আক্ৰমণাত্মক বক্তব্য

গণবাৰ্তা জলেশ্বৰ, ১এপ্ৰিল : জলেশ্বৰ সমষ্টিত বন্ধুত্বমূলক প্ৰতিদন্দিতাৰ নামত মহাযুদ্ধ কংগ্ৰেছ এ আই ইউ ডি এফৰ । আজি জলেশ্বৰ সমষ্টিৰ গৌৰনগৰত নি...


গণবাৰ্তা জলেশ্বৰ, ১এপ্ৰিল
: জলেশ্বৰ সমষ্টিত বন্ধুত্বমূলক প্ৰতিদন্দিতাৰ নামত মহাযুদ্ধ কংগ্ৰেছ এ আই ইউ ডি এফৰ । আজি জলেশ্বৰ সমষ্টিৰ গৌৰনগৰত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন মোল্যাক টাৰ্গেট কৰি লয় এ আই ইউ ডি এফ দলৰ মুৰব্বী তথা সাংসদ আজমলে । আজমলে কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন মোল্যাৰ বিৰুদ্ধে আক্ৰমণাত্মক বক্তব্য আগবঢ়াই মোল্যাক উৎখাত কৰাৰ বাবে ৰাইজক আহ্বান জনায় । জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডাঃ ৰেজা আমিনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় এ আই ইউ ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ।ভাষন প্ৰদান কৰা সময়ত আজমলে অসমীয়া গামোচাক লৈ যি প্ৰতিক্ৰিয়া বিয়পি পৰিছে তাৰ ব্যাখ্যা কৰে। লগতে পুত্ৰ আব্দুৰ ৰহমান আজমলক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায় আজমলে । আনফালে সাংবাদিকৰ সাক্ষাৎকাৰত আজমলে কয় যে সমাগত নিৰ্বাচনত মহাজোঁট বন্ধনে ১০১খন আসন লাভ কৰি মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰিব । মহাজোঁট বন্ধনৰ উত্থানত টোপনি নাইকীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ । আনফালে সাংবাদিকে গঢ়াখহনীয়া প্ৰতিৰোধ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত টুলুঙা মন্তব্য কৰি ধুবুৰী ফুলবাৰী দলংৰ দোহাই দি আজমলে কয় যে ধুবুৰী ফুলবাৰী দলং হলে গঢ়াখহনীয়া ৰোধ হব ।

No comments