Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উৎকণ্ঠাৰ অৱসান ঘটাই সোঁশৰীৰে অসম পালেহি অপহৃত ৰাম কুমাৰ

নগালেণ্ডৰ মন জিলাৰ পৰা অভিজিৎ ভূঞা, ৫ এপ্ৰিল : অৱশেষত বহু উৎকণ্ঠাৰ অৱসান ঘটাই আজি সোঁশৰীৰেৰে অসম পালেহি আলফা (স্বা)ই অপহৰণ কৰি নিয়া তৈল খনন...


নগালেণ্ডৰ মন জিলাৰ পৰা অভিজিৎ ভূঞা, ৫ এপ্ৰিল : অৱশেষত বহু উৎকণ্ঠাৰ অৱসান ঘটাই আজি সোঁশৰীৰেৰে অসম পালেহি আলফা (স্বা)ই অপহৰণ কৰি নিয়া তৈল খননকাৰী প্ৰতিষ্ঠান কুইপৰ আনজন অভিযন্তা বিহাৰৰ ৰাম কুমাৰ।  বিগত বৰ্ষৰ ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দায়ুনৰ পৰা আলফা (স্বা) আৰু নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনে কুইপৰ দুই বিষয়াক অপহৰণ কৰি নিছিল। ইয়াৰে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক  ইতিমধ্যে তিনি এপ্ৰিলত নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছত আজি প্ৰায় তিনি মাহ ১৬ দিনৰ পাছত আলফা (স্বা)ই মুকলি কৰি দিলে অভিযন্তা ৰাম কুমাৰক। ভাৰত-ম্যানমাৰ  সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংৱাত আজি পুৱা ছয় বজাত আলফা (স্বা)ই মুকলি  কৰি দিয়াৰ পাছত দুপৰীয়া আছাম ৰাইফলছৰ ৩৫ নং ৰেজিমেন্টে উদ্ধাৰ কৰে ৰাম কুমাৰক। নগালেণ্ডৰ মন জিলাৰ গভীৰ অৰণ্যৰ মাজত থকা এটা পথত মুকলি কৰি দিয়া ৰাম কুমাৰক উদ্ধাৰ কৰি আছাম ৰাইফলছে চুবুৰীয়া ৰাজ্য অসমৰ চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত মন জিলাৰ টিজিতত থকা গ্ৰীণ প্লাই ফেক্টৰীলৈ আনি চৰাইদেউ জিলা আৰক্ষীৰ হাতত চমজাই দিয়ে। পৰৱৰ্তী সময়ত চৰাইদেউ আৰক্ষীয়ে মন জিলাৰ টিজিত থানালৈ লৈ আহে আৰু তাতেই নিয়মানুসাৰে কিছু সুধাপোচা কৰা অন্তত চৰাইদেউ জিলাৰ সোণাৰিৰ টাওকাকস্থিত অসম আৰক্ষীৰ নিৱেশলৈ আনি তাতেই স্বাস্থ্য পৰীক্ষা কৰে। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই এই সন্দৰ্ভত মন্তব্য কৰি কয় ৰাম কুমাৰক তেখেতৰ পত্নীৰ হাতত সোনকালেই চমজাই দিয়া হ'ব । ইতিমধ্যে বিহাৰৰ সমষ্টিপুৰৰপৰা পৰিয়ালৰ লোক গুৱাহাটীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নগালেণ্ডৰ লংৱাত আজি আলফা (স্বা)ই মুকলি কৰি দিয়া সময়তে ৰাম কুমাৰৰ হাতত দুই হাজাৰ টকা দি পঠাইছিল ৰাস্তাত খৰচৰ বাবে। আনহাতে নিষিদ্ধ ঘোষিত সংগঠনটোৰ কৱলত থকা সময়ত কোনো ধৰণৰ শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ সন্মুখীন নোহোৱা বুলি মন্তব্য কৰি খোৱা-বোৱাতো কোনো ধৰণৰ কষ্ট নোপোৱাৰ বিপৰীতে কেৱল দীৰ্ঘদিন ধৰি খোজকাঢ়িব লগীয়া হোৱাত হে ব্যথিত হৈ পৰা বুলি মন্তব্য কৰে। আনহাতে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ পুনৰ অসমলৈ ঘুৰাই পঠাই দিয়া বাবে আলফা(স্বা)ক ধন্যবাদ জ্ঞাপন কৰে।

No comments