Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আলফা (স্বা)য়ে মুকলি কৰি দিলে ৰাম কুমাৰক ; নাগালেণ্ডৰ মন জিলা লংৱা গাঁৱৰ পৰা উদ্ধাৰ

গণবাৰ্তা নাজিৰা, ৬ এপ্ৰিলঃ   অৱশেষত কুইপ’ৰ আন এজন অপহৃত বিয়ষা ৰাম কুমাৰক মুকলি কৰে আলফা (স্বাঃ)য়ে । নাগালেণ্ডৰ মন জিলা লংৱা গাঁৱৰ পৰা উদ্ধাৰ...


গণবাৰ্তা নাজিৰা, ৬ এপ্ৰিলঃ 
অৱশেষত কুইপ’ৰ আন এজন অপহৃত বিয়ষা ৰাম কুমাৰক মুকলি কৰে আলফা (স্বাঃ)য়ে । নাগালেণ্ডৰ মন জিলা লংৱা গাঁৱৰ পৰা উদ্ধাৰ কৰে অপহৃত কুইপ’ বিষয়া ৰাম কুমাৰক । ৩৫নং অসম ৰাইফলচৰ এটি দলে কুইপ বিষয়া ৰাম কুমাৰক নাগালেণ্ডৰ সীমান্তৱৰ্তী লংৱাৰ পৰা এক বৃহৎ কনভয়েৰে নাগালেণ্ডৰ টিজিট আৰক্ষী থানাত হাজিৰ কৰাই চৰাইদেউ আৰক্ষীক চমজাই দিয়ে । তাৰ পিছতে এক বিশাল কনভয়েৰে সোণাৰি দিশে গতি কৰিছে ৰাম কুমাৰ আৰু আৰক্ষীৰ দলটি । আলফা স্বাধীনে ২০২০ চনৰ ২১ ডিচেম্বৰত কুইপ’ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক তেওঁলোকৰ কৰ্মস্থলীৰ পৰা অপহৰণ কৰিছিল । সম্প্ৰতি ৩ এপ্ৰিলত প্ৰণৱ কুমাৰ গগৈক অৰুণাচলৰ ছাংলাংৰ নাংপুংত মুকলি কৰি দিয়াৰ পাছত ৫ এপ্ৰিলত আনজন বিষয়া ৰাম কুমাৰক নাগালেণ্ডৰ সীমান্তৱৰ্তী লংৱাত মুকলি কৰি দিয়ে আলফা স্বাধীনে ।

No comments