Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী পদযাত্ৰা

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৩ এপ্ৰিল : পেট্ৰ'ল,ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ...


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৩ এপ্ৰিল
: পেট্ৰ'ল,ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি "সদৌ অসম ছাত্ৰ সন্থা"ৰ আহবানত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই নগৰৰ মাজমজিয়াত এক প্ৰতিবাদী পদযাত্ৰা কাৰ্য্যসূচী ৰূপায়ন কৰে ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু আছুৰ কাৰ্য্যনিৰ্বাহক সদস্য জিতু নেওগৰ নেতৃত্বত দুই শতাধিক ছাত্ৰকৰ্মীয়ে অংশ লোৱা পদযাত্ৰাটো নগৰৰ চ'লিচিটৰ ৰোডৰ পৰা অ'ল্ড চাৰ্কিট হাউচ ৰ'ডেৰে এ টি ৰোধ হৈ বৰপাত্ৰ আলিয়েদি আগুৱাই নিয়ে ৷ ছাত্ৰ সন্থাৰ কৰ্মীসকলে "যোগান বিভাগ হায় হায়","অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক","পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক","বিজেপি চৰকাৰ হায় হায়" ইত্যাদি শ্লগানেৰে ৰাজপথৰ আকাশ-বতাহ কঁপাই তোলে ৷ প্ৰতিবাদী কাৰ্য্যসূচীটোত আছু নেতা বিজয় শংকৰ বৰদলৈয়ে কয়,গৃহিনীৰ পাকঘৰত লাগিছে জুঁই,অথচ চৰকাৰ আছে শুই ৷ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সকলো শ্ৰেণীৰ লোককে জুৰুলা কৰি পেলাইছে,ৰাইজৰ স্বাভাৱিক জীৱনযাত্ৰাত সম্পূৰ্ণ নেতিবাচক প্ৰভাৱ পেলাইছে ৷ তাৰ লগে লগে ইন্ধনজাত সামগ্ৰীৰ দৈনিক উচ্চহাৰত বৃদ্ধি হোৱা মূল্যই সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ-নচৰা সদৃশ কৰি তুলিছে ৷ কিন্তু অতি আশ্চৰ্য্যজনক ভাৱে সুদিনৰ মিছা সপোন দেখুৱাই শাসনলৈ অহা তথাকথিত বিশ্বনেতা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে এনে আকাশলংঘী মূল্যবৃদ্ধিত তিলমানো উদ্বিগ্নতা প্ৰকাশ কৰা নাই ৷ জনসাধাৰণৰ প্ৰতি এইয়া ঘোৰ অবিচাৰ বুুলিও বৰদলৈয়ে ব্যক্ত কৰে ৷ ছাত্ৰনেতাগৰাকীয়ে লগতে কয়,সাধাৰণ জনতাক কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত মনত পেলোৱা বিজেপি চৰকাৰখন প্ৰকৃতাৰ্থত ৰাইজৰ প্ৰতি যে তিলমানো দায়বদ্ধ নহয়,সেইয়া প্ৰমাণিত হৈছে,চৰকাৰখনৰ কেৱল অমনোযোগীতাৰ ফলত খাটী খোৱা ৰাইজে আজি নিত্য ব্যৱহাৰ্য্য সামগ্ৰী ক্ৰয় কৰোঁতে যি যান্ত্ৰণাৰ সন্মুখীন হ'বলগীয়া হৈছে,সেইয়া অত্যন্ত গৰিহণাৰ যোগ্য ৷ প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থকা আছুৰ সদস্য জিতু নেওগে কয়, এচাম ক'লা ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে ক'লা বজাৰ গঢ় দি মুনাফা লুটি থকা সন্দৰ্ভত বাৰম্বাৰ প্ৰশাসন আৰু চৰকাৰক অৱগত কৰি থকাৰ পাছতো ৰহস্যজনক কাৰণত সকলোৱে মৌনতা অৱলম্বন কৰি পুনৰ মূল্যবৃদ্ধিতহে উদগনি যোগাই আহিছে ৷ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ তুলনাত ভাৰতবৰ্ষত ইন্ধনজাত সামগ্ৰীৰ মূল্যৰ আকাশ-পাতাল সদৃশ প্ৰভেদে বিজেপি চৰকাৰখনৰ চূড়ান্ত ব্যৰ্থতাকে প্ৰতিনিধিত্ব কৰে ৷ অত্যাৱশ্যকীয় আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্ৰ সন্থাই ৰাইজৰ বৃহত্তৰ স্বাৰ্থত পৰৱৰ্ত্তী সময়ত কঠোৰ আৰু ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও নেওগে ব্যক্ত কৰে ৷

No comments