Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শালবাৰীত তিনিখন হেলিকপ্তাৰেৰে বিজেপিৰ নিৰ্বাচনী চমক

  গণ বাৰ্তা, ৩ মাৰ্চ, শালবাৰী : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন থকাৰ সময়তে আজি ভৱানীপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ড⁰ ৰণজি...


 গণ বাৰ্তা, ৩ মাৰ্চ, শালবাৰী: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন থকাৰ সময়তে আজি ভৱানীপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ড⁰ ৰণজিৎ ডেকাৰ হৈ শালবাৰীৰ মহকুমাৰ গাতিত আয়োজিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সমন্বিতে মিত্ৰজোঁটৰ বহুকেইগৰাকী শীৰ্ষ নেতাই৷ উল্লেখযোগ্য যে পূৰ্বনিৰ্দ্ধাৰিত অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগা উক্ত নিৰ্বাচনী সভাত হিমন্তৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ সিং ঠাকুৰ, মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, কেশৱ মহন্ত, ATDC ৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিজেপি নেতা মনোজ বৰুৱা, UPPL ৰ নেতা ৰণগৌৰা নাৰ্জাৰী আদিসকল নেতাই অংশগ্ৰহণ কৰি ভৱানীপুৰ সমষ্টিক AIUDF ৰ দখলৰ পৰা উদ্ধাৰ কৰাৰ প্ৰাণপণে চেষ্টা কৰে৷ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া ভাষণৰ মাজতে ৰাইজে ভোটদানেৰে মিত্ৰজোঁটক আশীৰ্বাদ কৰিলে ভৱানীপুৰক মহকুমালৈ উন্নীত কৰাৰ লগতে ভৱানীপুৰত অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয় স্থাপনৰ আশ্বাস প্ৰদান কৰে৷ আনহাতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মবলিদানে অন্য মাত্ৰা দি যোৱা ভৱানীপুৰ সমষ্টিক আজমল তথা AIUDF ৰ কবলৰ পৰা উদ্ধাৰৰ বাবে অঞ্চলটোৰ ভোটাৰ ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থী ড⁰ ৰণজিৎ ডেকাক ভোটদান কৰাৰ বাবে আহ্বান জনায়৷ ইফালে তিনিখনকৈ হেলিকপ্তাৰেৰে নেতাসকলে গাতিৰ নিৰ্বাচনী সভাত উপস্থিত হৈ এক চমক সৃষ্টি কৰা পৰিলক্ষিত হয় আজি৷ প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ উপৰি দিলীপ শইকীয়া, অনুৰাগ সিং ঠাকুৰ, অতুল বৰা, জয়ন্ত মল্ল বৰুৱা আদি নেতাসকলে ভাষণ ৰাখে৷

No comments