Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুধনৈত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভাত হাগ্ৰামা

গণবাৰ্তা, দুধনৈ, ১ এপ্ৰিল : নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী৷ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৩৬ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিত বিজেপি, ক...


গণবাৰ্তা, দুধনৈ, ১ এপ্ৰিল
: নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী৷ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৩৬ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিত বিজেপি, কংগ্ৰেছ, আৰজেডি, ভিপিআই আদিকে ধৰি নিৰ্দলীয় প্ৰাৰ্থীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ আজি দুধনৈ ৰাজহুৱা খেলপথাৰত আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশাল নিৰ্বাচনী সভা অনুস্থিত হয়। বিটিচিৰ প্ৰাক্তন চীফ তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ মহাজোঁটৰ দুধনৈ সমষ্টিৰ বাবে মনোনীত প্ৰাৰ্থী যাদব স্বৰ্গীয়াৰীৰ হৈ ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসঙ্গত কয় যে এইবাৰ অসমত বিজেপিৰ ৰাজত্ব শেষ। দিছপুৰত বিজেপি আৰু নেথাকে৷ বিজেপি আউট, কংগ্ৰেছ ইন৷ হিমন্ত আউট, হাগ্ৰামা ইন৷ এইবাৰ হিমন্তইহে মিউজিয়ামত সোমাব৷ নাঙল নহয়৷ ২ মে’ত অসমত কংগ্ৰেছ মহাজোঁট চৰকাৰ হোৱাটো নিশ্চিত৷ হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয় যে বিজেপি চৰকাৰে অসমত বসবাস কৰা ভিন্ন ধৰ্মৰ জাতি-জনগোষ্ঠীৰ মাজত ভেদাভেদৰ সৃষ্টি কৰি ভাগ ভাগ কৰিছে৷ হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰিছে৷ কিন্তু কংগ্ৰেছ দলে এইবাৰ চৰকাৰ বনোৱাৰ পিছত অসমত সকলো জাতি-জনগোষ্ঠীৰ মাজত থকা ভেদাভেদ আঁতৰাই সকলোকে লৈ আগবাঢ়িব খুজিছে ৷ হাগ্ৰামা মহিলাৰীয়ে ৰাইজক 
উদ্দেশ্যি কয়- বিজেপি চৰকাৰে বিগত পাঁচটা বছৰে ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰিম বুলি কৈ ৰাভা ৰাইজৰ আবেগৰ লগত খেলা কৰি আহিছে৷ কিন্তু কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছতে এই সমস্যাটো সমাধান কৰিব বুলি কয়৷ আনহাতে ছয় জনগোষ্ঠীৰ জনজাতি কৰণৰ বিষয়টোও সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰিব বুলিও কয়৷ বিজেপি চৰকাৰে ইমানদিনে অসমবাসীক দি অহা বিভিন্ন প্ৰতিশ্ৰুতি ভংগ কৰি ৰাইজৰ লগত ঠগবাজি কৰি আহিছে৷ প্ৰাক্তন বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয় যে, ৰাজনীতিত শিক্ষিত মানুহৰ দৰকাৰ নাই বুলি হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাষাৰৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বৰ্তমান বিজেপিত থকা নেতা পালি নেতাবোৰ অশিক্ষিত৷ সেয়েহে অশিক্ষিত মানুহেৰে ভৰি থকা বিজেপি দলে অসমত শাসন চলোৱা বাবেই অসমত বিভিন্ন সমস্যাই মুৰ দাঙি উঠিছে৷ অহা ২ মে’ত অসমত কংগ্ৰেছ দলে ৭০ খনৰো অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব। এই কথা নিশ্চিত৷ হাগ্ৰামা মহিলাৰীয়ে কয়- তেওঁ পুনৰ দুধনৈলৈ আহি কংগ্ৰেছ প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীৰ বিজয় উৎসৱ পালন কৰাৰ লগতে দুধনৈতে বিজেপিৰ শ্ৰাদ্ধ অনুষ্ঠান পাতিব৷ হাগ্ৰামা মহিলাৰীয়ে জনসভাত বাৰেবাৰে হিমন্তবিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা যায়৷ ইনামূল হকে আঁত ধৰা নিৰ্বাচনী সভাত আদৰনি ভাষণ পাঠ কৰে কংগ্ৰেছ প্ৰাৰ্থী যাদব স্বৰ্গীয়াৰীয়ে৷ এইখন সভাতে যাদব স্বৰ্গীয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভাষণ ৰাখি ৰাইজক হাতৰ ছবিত ভোট দিবলৈ আহ্বান জনায়৷ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰা, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডা° মুকুল চাংমা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, মহাৰাষ্ট্ৰৰ বিধায়ক মি. অমিত জনাক আৰু বহু কেইগৰাকী কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকে।

No comments