Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহুনাচ কৰ্মশালাৰ সামৰণি

গণ বাৰ্তা,পশ্চিম যোৰহাট,৪এপ্ৰি ল:পদুলিমুখত হেঁপাহৰ ৰঙালী বিহুটি অহাৰ উমান পাই কুলিয়ে লগাইছে মাত। যোৰহাটৰ ম'হবন্ধাৰ চাৰিওফালে এতিয়া কেৱল ...


গণ বাৰ্তা,পশ্চিম যোৰহাট,৪এপ্ৰি
ল:পদুলিমুখত হেঁপাহৰ ৰঙালী বিহুটি অহাৰ উমান পাই কুলিয়ে লগাইছে মাত। যোৰহাটৰ ম'হবন্ধাৰ চাৰিওফালে এতিয়া কেৱল ঢোলৰ গোম-গোমনি শব্দ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ ম'হবন্ধাৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰৰ বাকৰিত "সমৃদ্ধি"ৰ সৌজন্যত যোৱা ১এপ্ৰিলৰ পৰা ৪এপ্ৰিললৈ আয়োজিত বিহুনাচৰ কৰ্মশালাৰ আজি সামৰণি পৰে।প্ৰতিদিনে আবেলি ৩বজাৰ পৰা ৫বজালৈ আয়োজিত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে জীনা ৰাজকুমাৰীয়ে। প্ৰায় ৭০ গৰাকী নাচনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰা কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত স্বৰ্গদেউ চাউলুং চ্যুকাফা সমন্বয় কলাক্ষেত্ৰৰ ভাইচ চেয়াৰমেন ড° দয়ানন্দ বৰগোহাঁই,"সমৃদ্ধি"ৰ সম্পাদক লক্ষ্যহীৰা বৰা,বিশিষ্ট সাহিত্যিক তথা"মানৱ ধৰ্ম"আলোচনীৰ সম্পাদক নদলি ৰুহি দাস,গুৰু জীনা ৰাজকুমাৰী,সাংবাদিক পংকজ কুমাৰ দাসে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

No comments