Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আলফা স্বাধীনে অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ অৰুণাচল প্ৰদেশৰ নামপংৰ গভীৰ অৰণ্যত মুক্তি

  গণ বার্তা, লেখাপানী ৩ এপ্ৰিল : বহু উৎকণ্ঠাৰ ওৰ পেলাই ৩ মাহ ১০ দিনৰ পিছত শিৱসাগৰ জিলাৰ কুইপৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈৰ ঘৰমুৱা হোৱাত এক উৎফু...

 


গণ বার্তা, লেখাপানী ৩ এপ্ৰিল: বহু উৎকণ্ঠাৰ ওৰ পেলাই ৩ মাহ ১০ দিনৰ পিছত শিৱসাগৰ জিলাৰ কুইপৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈৰ ঘৰমুৱা হোৱাত এক উৎফুল্লিত হৈ পৰিছে অসম বাসীৰ মাজত । আজি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ এক গভীৰ অৰণ্যত আলফাই মুকলি আকাশৰ তললৈ এৰি দিয়ে । উল্লেখযোগ্য বিষয় যে ২০২০ চনৰ ডিচেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ ইনাও স্থিত কুইপ কোম্পানীৰ তৈল খাদৰ পৰা আলফা স্বাধীনৰ এটি বৃহৎ দলে দুজনকৈ কুইপৰ কৰ্মচাৰী ক্ৰমে অসমৰ প্ৰণৱ কুমাৰ গগৈ আৰু বহিঃৰাজ্যৰ ৰাম কুমাৰক অপহৰণ কৰিছিল । এই দুই অপহৃত বিষয়াক মুক্তিৰ বাবে অসমৰ চৰকাৰ তথা বুদ্ধিজীৱী সকলে আলফা স্বাধীনক কাতৰ মিনতি কৰে যদিও আলফা স্বাধীনৰ আকুৰগোজ ভাবে জনসাধাৰণৰ মাজত এক দোমোজাত পৰা পৰিলক্ষিত হৈছিল । কুইপৰ সৈতে আলফা স্বাধীনৰ ভিতৰি হোৱা ধনৰ লেন দেন আৰু অন্যান্য দাবী সমূহ সঠিক সিদ্ধান্ত নোহোৱাত তথা আলফা স্বাধীনৰ দাবী কুইপে মানি নোলোৱা এক প্ৰকাৰৰ বহিঃৰাজ্যৰ অপহৃত ৰাম কুমাৰক প্ৰাণে মৰি পেলোৱাৰ ভাবুকি প্ৰদান কৰিছিল আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই তাৰ লগে লগে সমগ্ৰ অসমৰ বুদ্ধিজীৱী সকলে গৰিহণা দিছিল আলফা স্বাধীনক । শেহতীয়াকৈ আজি অসম বাসীৰ লগতে শিৱসাগৰ বাসীলৈ আহিল আনন্দ উল্লাহৰ খবৰ যে আলফা স্বাধীনে অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈক মুকলি আকাশৰ তললৈ এৰি দিয়াত সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে । আনফালে দুই অপহৃত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ সৈতে বিহাৰৰ ৰাম কুমাৰক আলফা স্বাধীনে মুকলি কৰি দিয়া বুলি মুখে মুখে চৰ্চা হৈছে যদিও বাতৰি সংগ্ৰহ কৰা পয্যন্ত ৰাম কুমাৰক আলফা স্বাধীনে মুকলি আকাশৰ তললৈ এৰি দিয়া তথ্য আমাৰ হাতত আহি পোৱা নাই । উল্লেখ্য যে তিনি মাহ চৈধ্য দিনৰ উৎকন্ঠাৰ ওৰ পেলাই অৱশেষত আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰৰ পৰা অৰুণাচলৰ গভীৰ অৰণ্যত মুকলি কৰি দিয়ে কুইপৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ গগৈক। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দায়ুনৰ সমীপৱৰ্তী খুমচাই খা নামে ঠাইৰ পৰা অপহৃত কুইপৰ দুজন বিষয়া ক্ৰমে অসমৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ এই দুই বিষয়ৰ অপহৰণ কাণ্ডত জড়িত আলফা(স্বাধীন) NSCN(K) জড়িত আছিল। আজি প্ৰনৱ কুমাৰ গগৈক আলফাই মুকলি কৰি দিয়ে কিন্তু বৰ্তমানেও ৰাম কুমাৰক মুক্তি দিয়া হোৱা নাই৷ যোৱা চাৰি মাৰ্চ তাৰিখেই প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক এজন আনজনৰ পৰা পৃথক কৰি ৰাখিছিল বুলি জানিবলৈ দিয়ে প্ৰণৱ কুমাৰ গগৈয়ে।

No comments