গণবাৰ্তা বিশেষ, ডিব্ৰুগড় ০১ এপ্ৰিল : অসম জাতীয় পৰিষদৰ সভাপতি তথা সদ্য সমাপ্ত প্ৰথম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনত নাহৰকটীয়া আৰু দুলীয়াজান...
গণবাৰ্তা বিশেষ, ডিব্ৰুগড় ০১ এপ্ৰিল: অসম জাতীয় পৰিষদৰ সভাপতি তথা সদ্য সমাপ্ত প্ৰথম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনত নাহৰকটীয়া আৰু দুলীয়াজানৰ অজাপৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ (৭০বছৰ)আৰু ইহ সংসাৰত নাই।বুধবাৰে ৰাতি ১০:৪৫ বজাত ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিংহোমত মাতৃ দুলু গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে।উল্লেখ্য যে, সোমবাৰে তিনিচুকীয়াৰ বৰলাইপুলিৰ মৰাণকাৰীৰ বাসগৃহত ৰাতিপুৱা ঘৰুৱা কামত ব্যস্ত হৈ থাকোঁতেই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ ডিব্ৰুগড়ৰলৈ চিকিৎসাৰ বাবে লৈ অনা হৈছিল। মাতৃৰ অসুস্থতাৰ খবৰ পাই অজাপৰ সভাপতি গৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য আধাতে সামৰি ডিব্ৰুগড়ত উপস্থিত হয়। ইফালে শ শ তেওঁৰ গুণমুগ্ধ, অজাপৰ কৰ্মী, স্থানীয় ৰাইজ চিকিৎসালয়ত উপস্থিত হৈ সকলোৱে তেওঁৰ দুখত সমভাগি হৈ মাতৃ গৰাকীৰ আশুআৰোগ্য কামনা কৰিছিল যদিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তেওঁ । যদিও মাতৃৰ স্বাস্থ্য অপৰিৱৰ্তিত অৱস্থাত আছিল তথাপি চিকিৎসকৰ পৰামৰ্শ মতেই সভাপতি গৰাকী দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে হাজোলৈ গৈ বুধবাৰে কৈছিল, "জন্মদাত্ৰী আই এতিয়াও নৰীয়াপাটীত। কিন্তু অসমী আইৰ জাতীয় জীৱনলৈ অহা এই মহাসংকট আমি নীৰৱে সহিব নোৱাৰোঁ। সেয়ে আজি পুনৰ শয্যাগত আইৰ আশীৰ্বাদ লৈ অসমী আইৰ অস্তিত্ব সুৰক্ষিত কৰাৰ এই যুঁজত নামি পৰিছোঁ।" অৱশেষত মাতৃৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বৃহস্পতিবাৰে লুৰীণজ্যোতি তিনিচুকীয়াৰ বাসগৃহত উপস্থিত হৈ আবেগ বিহ্বল হৈ পৰে।মাতৃৰ চৰণ স্পৰ্শ কৰি হুকহুকাই কান্দি উঠিল লুৰীণজ্যোতি। লোকে লোকাৰণ্য হৈ পৰিছে নেতাজনৰ বাসগৃহ! সকলোৰে চকুত চকুলো। উল্লেখ্য যে দুদিন পূৰ্বে সভাপতি গৰাকীয়ে আবেগবিহ্বল হৈ পৰিলেও তেওঁ নিৰ্বাচনৰ বাকী থকা দ্বিতীয় - তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত যুদ্ধংদেহি মনোভাৱ লৈ জপিয়াই পৰিবলৈ অজাপৰ কৰ্মী সকলৰ প্ৰতি আহ্বান জনাইছিল। তেওঁ কৈছিল যে, প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পাছত জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে যোগাত্মক পৰিবেশ সৃষ্টি হৈছে। জাতীয়তাবাদৰ সপক্ষে ৰাইজে অৱস্থান কৰাৰ কথা উমান পোৱা গৈছে। দলীয় নেতা-কৰ্মীসকলে প্ৰথম পৰ্যায়ত উৎসাহ - উদ্দীপনাৰে নিৰ্বাচনী কাম-কাজ আগুৱাই নিলে, তেওঁলোক ইতিমধ্যে দ্বিতীয় - তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি সমূহলৈ ৰাওনা হোৱা বুলি প্ৰকাশ কৰিছিল। বৰ্তমানৰ সাম্প্ৰদায়িক ৰাজনীতি, উন্নয়নহীনতা, দুৰ্নীতি লুণ্ঠনৰাজ, ছিণ্ডিকেট - দালালৰাজৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰি জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবলৈ দলীয় নেতা-কৰ্মীসকলক আহ্বান জনাইছিল লুৰীণজ্যোতিয়ে। লগতে সকলোকে হিলদল ভাঙি ভোট দিবলৈ আহিবলৈ আহ্বান জনাইছিল সভাপতি গৰাকীয়ে ।গ্ৰামাঞ্চলত পৰ্যায়ত ভোটদানৰ হাৰ অভূতপূৰ্ব বুলিও মন্তব্য কৰিছিল লুৰিণজ্যোতিয়ে।কিন্তু নিয়তিৰ নিষ্ঠুৰ আঘাতত আজি নেতাজন ম্ৰিয়মান। বৃহস্পতি বাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ সময়তে এনে এটা দু:খবৰে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে। যিসকল অনুৰাগী, অজাপৰ কৰ্মী তথা স্থানীয় ৰাইজে মাতৃগৰাকীৰ আশুআৰোগ্য কামনা কৰি ধূপচাকি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰি আছিল সেইসকল লোকো এনে এটি দুখজনক বাতৰিত মৰ্মাহত হৈ পৰিছে। প্ৰাক্তন আছু নেতা তথা অজাপৰ সভাপতি লুৰীণজ্যোতিৰ মাতৃৰ বিয়োগৰ খবৰ পাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু লাহোৱাল প্ৰেছ ক্লাৱৰ তৰফৰপৰা গভীৰ শোক প্ৰকাশ কৰি, বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা যাচিছে ।
No comments