প্ৰতিবেদক, নাজিৰা, ৮এপ্ৰিলঃ বুধবাৰে নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত উদযাপন কৰা হয় সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ৪২তম প্ৰতিষ্ঠা দিৱস ...
প্ৰতিবেদক, নাজিৰা, ৮এপ্ৰিলঃ বুধবাৰে নাজিৰা মহকুমা অন্তৰ্গত লাকুৱাত উদযাপন কৰা হয় সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ ৪২তম প্ৰতিষ্ঠা দিৱস ৷ লাকুৱা বিশেষ কেন্দ্ৰত প্ৰাক্তন আলফা সদস্য সকলে উদযাপন কৰিলে প্ৰতিষ্ঠা দিৱস ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ৷ আনফালে প্ৰাক্তন আলফা নেতা সকলে শ্বহীদ তৰ্পন কৰাৰ পাচতে স্থানীয় ৰাইজ, জাতীয় দল সংগঠনৰ সৈতে মিলি গছপুলি ৰোপন কৰা হয় ৷ যুৱ প্ৰজন্মৰ স্বাৱলম্বনৰ পথ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰি ভাৰত চৰকাৰৰ লগত হৈ থকা আলোচনাকলৈ সন্তুষ্ট নহয় বুলি মন্তব্য কৰে প্ৰাক্তন আলফা নেতা কেইগৰাকীয়ে ৷ উল্লেখ্য যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ চলি থকাৰ সময়ত আলোচনা প্ৰক্ৰিয়া সন্মানসহকাৰে আগবাঢ়িছিল । যদিও বিজেপি নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰত হোৱাৰে পৰা আলোচনা প্ৰক্ৰিয়া একেবাৰে স্তব্ধ হৈ পৰা যেন বুলি মত প্ৰকাশ কৰে প্ৰাক্তন আলফা নেতা সকলে ৷ এই প্ৰতিষ্ঠা দিৱসত আলফাৰ কেইবাশতাধিক প্ৰাক্তন সদস্য, সদস্যাই অংশগ্ৰহণ কৰে ৷
No comments