Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পেঙেৰীৰ খাটাং পানী চাহ বাগিচাৰ চিকিৎসালয়ত ,ডিগবৈ লায়ঞ্চ ক্লাবৰ উদ্যোগত চকু চিকিৎসা শিবিৰ

  গণ বাৰ্তা,ফিল'বাৰী,৭ এপ্ৰিলঃ পেঙেৰীৰ খাটাং পানী চাহ বাগিচাৰ চিকিৎসালয়ত তিনিচুকীয়া জিলা অন্ধ দৃষ্টিৰ নিবাৰণ সমিতি আৰু ডিগবৈ লায়ঞ্চ ক্...

 


গণ বাৰ্তা,ফিল'বাৰী,৭ এপ্ৰিলঃ পেঙেৰীৰ খাটাং পানী চাহ বাগিচাৰ চিকিৎসালয়ত তিনিচুকীয়া জিলা অন্ধ দৃষ্টিৰ নিবাৰণ সমিতি আৰু ডিগবৈ লায়ঞ্চ ক্লাবৰ সহযোগত, আৰু খাটাং পানী চাহ বাগিচাৰ কৃতপক্ষৰ আতিথ্যত আজি এক চকু পৰিক্ষা শিবিৰ, লগতে কেটেৰেকট অপাৰেচনৰ শিবিৰ আয়োজন কৰা হয়। চকু পৰিক্ষা শিবিৰ, লগতে চকু কেটেৰেকট অপাৰেচনৰ শিবিৰ শুভ উদ্ধোধন কৰে ডিগবৈ লায়ঞ্চ ক্লাবৰ প্ৰাক্তন সভাপতি লায়ন গোপাল চন্দ্ৰ দাসে।আজিৰ চকু চিকিৎসা শিবিৰ আৰু চকু কেটেৰেকট অপাৰেচন শিবিৰত প্ৰায় দুই শতাধিক লোকক চকু পৰীক্ষা কৰা হয়।চকু পৰীক্ষাৰ শেষত শতাধিক লোকক বিনামূলীয়া চস্মা প্ৰদান কৰাৰ লগতে ৭০ গৰাকী ব্যক্তিক অসম চিকিৎসা মহাবিদ্যালয়ত ৮ এপ্ৰিল তাৰিখে নিয়াৰ ব্যৱস্থা কৰি চকুৰ কেটেৰেকট অপাৰেচন সম্পূৰ্ণ বিনামূলীয়া ভাৱে কৰা হব বুলিও জানিব দিয়ে।ডিগবৈ লায়ঞ্চ ক্লাৱৰ হৈ খাটাং পানী চাহ বাগিচাৰ স্বতাধিকাৰ নত্বভূষণ সোনোৱাল আৰু পৰিচালক দিলীপ বৰাক আদৰণি জনাই।চকু চিকিৎসা শিবিৰত চিকিৎসক হিচাপে উপস্থিত থাকে ডা: অমূল্য বৰগোহাঁই, সহযোগীতা আগবঢ়াই বলিন বড়া,সবেশ্বৰ গগৈয়ে, খাটাং পানী চাহ বাগিচা চিকিৎসালয়ৰ চিকিৎসক আৰু কৰ্মচাৰী সকলে।ডিগবৈ লায়ঞ্চ ক্লাবে অহা এমাহৰ ভিতৰত পেঙেৰীত এটি বহুমুত্ৰ (Diabetic) শিবিৰ আয়োজন কৰা কথা ঘোষণা কৰে।

No comments