Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰীৰ কয়াকুছিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা

  তফিকুৰ ৰহমান, গণ বাৰ্তা, চেঙা ২ এপ্ৰিল : কংগ্ৰেছ দলে এ আই ইউডি এফক মহাজোঁটত চামিল নকৰিলে অসমৰ পৰা এইবাৰ বদৰুদ্দিন আজমল আৰু এআইইউ...

 


তফিকুৰ ৰহমান, গণ বাৰ্তা, চেঙা ২ এপ্ৰিল : কংগ্ৰেছ দলে এ আই ইউডি এফক মহাজোঁটত চামিল নকৰিলে অসমৰ পৰা এইবাৰ বদৰুদ্দিন আজমল আৰু এআইইউডিএফৰ বিদায় নিশ্চিত আছিল। মহাজোঁটত মহা বিতৰ্কৰ সৃষ্টি কৰি এই মন্তব্য কৰে সৰুক্ষেত্ৰীৰ মহাজোঁটৰ প্ৰক্ষেপিত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে । আজি সৰুক্ষেত্ৰীৰ কয়াকুছিত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত এই মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে । ৩৩ বছৰ পিছত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আপোনালোকে মোক জিকাইছিল ।মই বিগত পাঁচ বছৰত যি কাম কৰিছোঁ পূৰ্বৰ বিধায়কৰ কামৰ লগত সেই কামৰ তুলনা কৰি মোক ভোট দিয়ক বুলি আহ্বান জনাই জাকিৰ হুছেইন শিকদাৰে কয় -যদি মই সঁচাকৈ একো কাম কৰা নাই মোক ভোট দিব নালাগে । এইদৰে ভাষণ আৰম্ভ কৰি আক্ৰমণাত্মক হৈ পৰা জাকিৰ হুছেইন শিকদাৰে মহাজোঁটৰ অংশীদাৰ এ আই ইউডি এফ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে জাকিৰ হুছেইন শিকদাৰৰ দুৰ্নীতিৰ কথা কোৱাৰ আগতে বদৰুদ্দিন আজমলে সৰুক্ষেত্ৰীৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ স্বামী চইবৰ ৰহমানৰ সম্পত্তিৰ হিচাব সৰুক্ষেত্ৰীৰ ৰাইজক জনাবলৈ প্ৰত্যাহ্বান জনায়।বদৰুদ্দিন আজমলৰ সন্তানেও বিগত পাঁচ বছৰ বিধায়ক হৈছে । কিন্ত বিগত পাঁচ বছৰত সংখ্যালঘুৰ হকে কি মাত মাতিছে , অসমৰ কাৰণে কি মাত মাতিছে ,এন আৰ চি, ভূমিৰ পট্টা, ডি ভোটাৰৰ বাবে কি মাত মাতিছে অসমবাসীক জনাবলৈও প্ৰত্যাহ্বান জনায় জাকিৰ হুছেইন শিকদাৰে। একেদৰে বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজ উদ্দিন আজমলৰ কাম কাজকো সমালোচনা কৰি জাকিৰ হুছেইন শিকদাৰে ক'লে সৰুক্ষেত্ৰীৰ বাবে প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলে কি কৰিছিল ৰাজহুৱা কৰক বুলিও প্ৰত্যাহ্বান জনায় জাকিৰ হুছেইন শিকদাৰে । ইয়াৰ বিপৰীতে সৰুক্ষেত্ৰীৰ সন্তান জাকিৰ হুছেইন শিকদাৰে সৰুক্ষেত্ৰীৰ ৰাইজৰ লগতে অসমৰ সংখ্যালঘু জনগণৰ হকে সদনৰ মজিয়াত প্ৰতিবাদ কৰিছোঁ বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে । সৰুক্ষেত্ৰীৰ ৰাইজে টকাৰ মুখলৈ নাচায় বুলি মন্তব্য কৰি জাকিৰ হুছেইন শিকদাৰে কয় কংগ্ৰেছৰ বিজয় আজিয়েই নিশ্চিত হ'ল । প্ৰায় ৭০ হাজাৰ ৰাইজৰ উপস্থিতিৰে জনসমুদ্ৰত পৰিণত হোৱা জনসভাত বিধায়ক শিকদাৰে যোৱা কাৰ্যকালত ২১৪ কিলোমিটাৰ পথ পকীকৰণৰ বাবে অনুমোদন কৰাই আনিছে ইয়াৰ ১৩০ কিলোমিটাৰ পথ সম্পূৰ্ণ হোৱাৰ লগতে ৮৪ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম চলি আছে। ১৮ খন পকী দলং নিৰ্মাণৰ অনুমোদন হোৱাৰ লগতে ইয়াৰে ৪ খন নিৰ্মাণ সম্পূৰ্ণ হৈছে ১৪খনৰ নিৰ্মাণ কাৰ্য চলি আছে।২৬খন নতুন কাঠৰ দলং অনুমোদনৰ পিছত ১৬ খন সম্পূৰ্ণ হোৱাৰ লগতে ১০ খনৰ নিৰ্মাণ কাম চলি আছে,২৬ খন কাঠৰ দলং মেৰামতি সম্পূৰ্ণ কৰা, নতুনকৈ ৬৪ কিলোমিটাৰ নতুন পথ নিৰ্মাণৰ বাবে মঞ্জুৰী হৈছে ইয়াৰে ৩৬ খন সম্পূৰ্ণ হোৱাৰ লগতে ৩২ খনৰ নিৰ্মাণ কাৰ্য চলি আছে। সিকদাৰৰ কাৰ্যকালত ৩৫২ টা বিধায়ক উন্নয়ন পুঁজি,৩২৮৭ জনক ছাত্ৰ বৃত্তি, ৩৬০ জন বেমাৰীক আৰ্থিক সহায়, ৮৮ টা এম এছ ডি পি আঁচনিৰ ৭০ টা সম্পূৰ্ণ আৰু ১৮ টা নিৰ্মাণ কাৰ্য চলি আছে, ১৯ টা আনটাইড আঁচনিৰ ভিতৰত ১৫ টা সম্পূৰ্ণ আৰু ৪ টাৰ নিৰ্মাণ কাৰ্য চলি আছে বুলি ৰাইজক জনায়। শিকদাৰে আগন্তুক দিনত বিধায়ক হ'লে ৩০০ কিলোমিটাৰ নতুন পথ পকীকৰণ, ২০ খন নতুন পকী দলং,৩০ খন নতুন কাঠৰ দলং,৫০০০ জন ছাত্ৰ-ছাত্ৰীক ছাত্ৰ বৃত্তি ,১০০ জন দুখীয়াক আৰ্থিক সাহাৰ্য,১০০ খন এম এছ ডি পি আঁচনি আৰু ৫০ খন আনটাইড আঁচনিৰ কাম তিনিবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰহিম খানৰ সভাপতিত্বত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত কংগ্ৰেছ দলৰ অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক বিকাশ উপাধ্যায়, চাকিল আহমেদ , অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,প্ৰাক্তন বিধায়ক সুশান্ত বুৰাগোঁহাই, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আদি কেইবাজনো কংগ্ৰেছৰ নেতাই ভাষণ প্ৰদান কৰে । নুৰুল হুদাই ভাষণ প্ৰসংগত কয় যে এইখন অসম অকল হিন্দুৰ নহয় ।

এইখন অসম মুছলমানৰো । এন আৰ চি ৰূপায়ন কৰাৰ বাবে জাকিৰ হুছেইন শিকদাৰৰ প্ৰয়োজন আছে বুলি ব্যক্ত কৰি নুৰুল হুদাই কয় বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰিছে আৰু এই ৰাজনীতি ওফৰাবলৈ কংগ্ৰেছক ভোটদান কৰিব লাগিব। লক্ষ্যণীয় ভাবে আজিৰ এই সভাত প্ৰিয়ঙ্কা গান্ধী উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা আছিল যদিও কৰোণাৰ বাবে প্ৰিয়ঙ্কা গান্ধীৰ অসম ভ্ৰমণ বাতিল হোৱাত ভাৰ্চুৱেল পদ্ধতিৰে ভাষণ প্ৰদান কৰি ৰাইজক সম্বোধন কৰে প্ৰিয়ঙ্কা গান্ধীয়ে । ভাষণ প্ৰসঙ্গত প্ৰিয়ঙ্কা গান্ধীয়ে কয় অসমৰ উদ্যোগ ক্ষেত্ৰ বিধ্বস্ত হৈছে । বিজেপিৰ মিছা কথাৰে অসমক বিজেপিয়ে প্ৰবঞ্চনা কৰা বুলিও মন্তব্য কৰে প্ৰিয়ঙ্কা গান্ধীয়ে । বিজেপি চৰকাৰে চিণ্ডিকেট চলাই আছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰিয়ঙ্কা গান্ধীয়ে । "কা" কোনো কাৰণত অসমত প্ৰয়োগ কৰা নহ'ব বুলিও মন্তব্য প্ৰিয়ঙ্কা গান্ধীৰ ।

No comments