Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভোট ব্যৱধানৰ ওপৰত নিৰ্ভৰ আব্দুৰ ৰহিম আহমেদৰ মন্ত্ৰীত্বঃৰকিবুল হুচেইন

  বুলবুল হুছেইন,গৰেমাৰী,৩ এপ্ৰিল : বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ মহাজোটৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ বিজয়ী হোৱাটো ন...

 


বুলবুল হুছেইন,গৰেমাৰী,৩ এপ্ৰিল: বৰপেটা জিলাৰ বৰপেটা সদৰ সমষ্টিৰ মহাজোটৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদ বিজয়ী হোৱাটো নিশ্চিত । এআইইউডিএফৰ বৰপেটা সমষ্টি কমিটিৰ সভাপতি তৈয়ুব খানৰ এক প্ৰশ্ন উত্তৰত অসমৰ প্ৰভাবশালী নেতা ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হোচেইনে মহাজোট দলে অসমত চৰকাৰ গঠন কৰিব আৰু মন্ত্ৰী সভাতআব্দুৰ ৰহিম আহমেদৰ স্থান বৃহত ভোট ব্যবধানত জয়ী হোৱাৰ ওপৰত নিৰ্ভৰ কৰিব।এয়া বৰপেটা বাসীৰ বাবে সুখবৰ যে পঞ্চাশ হাজাৰোধিক ভোটৰ ব্যবধানত ৰহিম আহমেদক জয়ী কবিৰ পাৰিলে মন্ত্ৰীত্ব পোৱাটো এক প্ৰকাৰৰ খাটাং বুলি নিশ্চয়তা প্ৰদান কৰে। ৩ এপ্ৰিলত বৰপেটা জিলাৰ গৰেমাৰীস্থিত বানিয়াৰাপাৰা জনপ্ৰিয় মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত বিশাল জনসভাত বৰপেটাৰ সাংসদ আব্দুল খালেক ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হোচেইন,অজয় ফুকন শাকিল আহমেদ,ইমৰান প্ৰতাপ গিৰি,বৰপেটা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ হৈ বিশাল জনসমাবেশত ভাষন প্ৰদান কৰে।ভাষন প্ৰসংগত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ জন বিৰোধী নীতিক তীব্ৰ সমালোচনা কৰে।সাংসদ আব্দুল খালেকে সদ্য কংগ্ৰেছ ত্যাগী নেতাই অগপত যোগ দি কংগ্ৰেছ দলক তাচ্ছিল্য কৰা ছদ্মবেশীনেতাক ভৎসনা কৰি কংগ্ৰেছৰ উৰ্ধতন মহলে দলীয় টিকট প্ৰদান নকৰা বাবে ধন্যবাদ জনায়।সভাত চাবুৱা সমষ্টিৰ প্ৰাৰ্থী অজয় ফুকনে গীতৰ জৰিয়তে বিজেপি চৰকাৰক সমালোচনা কৰাৰ সমান্তৰালকৈ মহাজোটে অসমত চৰকাৰ গঠণ কৰি শান্তি প্ৰতিষ্ঠা কৰিব বুলি গীতৰ মাধ্যমত সকলোকে উৎসাহিত কৰে।আনহাতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হোচেইনে এন আৰ চিৰ নামত সংখ্যালঘু জনসাধাৰনক যি জ্বলা-কলা খুৱাইছে মহাজোট চৰকাৰ আহিলে এনআৰচিৰ নামত কোনো ধৰনৰ হাৰাশাস্তি কৰিবলৈ দিয়া নহয় বুলি নিশ্চিতি প্ৰদান কৰে ।পঞ্চাশ হাজাৰোধিক ভোট ব্যবধানত বিৰোধীক পৰাজিত কৰিব পাৰিলে আব্দুৰ ৰহিম আহমেদক মন্ত্ৰীত্বৰ আসনত দেখিব বুলি অভিমত ব্যক্ত কৰে।বৰপেটা বিধান সভাৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰহিম আহমেদে ভাষনত কয় যে সমষ্টি খনৰ জলন্ত সমস্যাসমুহ অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ দিহা কৰা হব বুলি নিশ্চয়তা প্ৰদান কৰে।শেষলৈ আব্দৰ ৰহিম আহমেদৰ বিজয় সুনিশ্চিত কৰিবলৈ হাতৰ ছবিত -ভোট প্ৰদান কৰিবলৈ আহবান জনায়।

No comments