Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অৱসৰৰ দিনাই যোৰহাটৰ ২৯ গৰাকীক পেঞ্চনৰ নথি-পত্ৰ প্ৰদান

  গণ বাৰ্তা পশ্চিম যোৰহাট, ২ এপ্ৰিল: শিক্ষা বিভাগৰ যোৰহাট সংমণ্ডলৰ এলেকভূক্ত বিভিন্ন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ২৯ গৰাকীক অৱসৰৰ দিনাই শি...

 


গণ বাৰ্তা পশ্চিম যোৰহাট, ২ এপ্ৰিল: শিক্ষা বিভাগৰ যোৰহাট সংমণ্ডলৰ এলেকভূক্ত বিভিন্ন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ২৯ গৰাকীক অৱসৰৰ দিনাই শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে চৰকাৰী নথি পত্ৰ প্ৰদান কৰে।এই উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয় আঁত ধৰে আদৰ্শ ট্ৰাইবেল হাইস্কুলৰ প্ৰধান ৰাজীৱ কুমাৰ বৰুৱাই। বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে কেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰীকে জীৱনৰ বাকীচোৱা সময় সমাজৰ উন্নয়নৰ বাবে কাম কৰিবলৈ অনুৰোধ জনায়। অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলে অৱসৰৰ দিনাই চৰকাৰী পেঞ্চনৰ কাকত-পত্ৰসমূহ হাতত তুলি দিয়াত গগৈৰ কৰ্ম তৎপৰতাৰ সলাগ লয়। উল্লেখ্য, শিক্ষক-শিক্ষয়িত্ৰীসকলে ৩১ মাৰ্চত চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰিছিল।

No comments