Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হলে জাকিৰ হুছেইন সিকদাৰে সন্মানজনক মন্ত্ৰী পাব : গৌৰৱ গগৈ

গণ বাৰ্তা, কয়াকুছি/ পাকাবেতবাৰী, ১ এপ্ৰিলঃ আগন্তুক দিনত অসমত মহাজোঁটৰ চৰকাৰ হব। অসমৰ মুখ্যমন্ত্ৰী হব কংগ্ৰেছ দলৰ। এই চৰকাৰত সৰুক্ষেত্ৰী সম...

গণ বাৰ্তা, কয়াকুছি/ পাকাবেতবাৰী, ১ এপ্ৰিলঃ আগন্তুক দিনত অসমত মহাজোঁটৰ চৰকাৰ হব। অসমৰ মুখ্যমন্ত্ৰী হব কংগ্ৰেছ দলৰ। এই চৰকাৰত সৰুক্ষেত্ৰী সমষ্টিৰ জাকিৰ হুছেইন সিকদাৰে এটা সন্মানজনক স্থান পাব। জাকিৰ হুছেইন সিকদাৰ আমাৰ অসমৰে নহয়, দিল্লীৰ নেতৃত্ব‌য়ো ভালকৈ পায়। সিকদাৰক ভাল পায় বাবেই তেওঁৰ কাৰণে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সৰুক্ষেত্ৰীত প্ৰচাৰ চলাবলৈ আহিব। আজি বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবালাত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত এনেদৰে কয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। তেওঁ হেলিকপ্টাৰেৰে অাহি বৰবালাৰ নিৰ্বাচনী জনসভাত নিজৰ ভাষণ প্ৰসংগত কয় যে, কংগ্ৰেছ নেতৃত্বত চৰকাৰ আহিলে প্ৰতিজন গৃহিনীয়ে প্ৰতি মাহে ২ হাজাৰকৈ টকা , প্ৰতি বছৰে এক লাখকৈ লোকক চাকৰি দিয়া, এন আৰ চি'ৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যা সমাধান কৰি দিয়া হব। তেওঁ অাৰু কয় যে, বি জে পি দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নাম উল্লেখেৰে সমালোচনা কৰি পলৰীয়া বুলি অভিহিত কৰে। অানকি পৰাজয়ৰ ভয়ত ৰণজিৎ কুমাৰ দাসে নিজ সমষ্টিৰ পৰা পলায়ন কৰি পাটাছাৰকুছি বিধানসভা সমষ্টিগৈ পাইছে বুলিও কটাক্ষ কৰে। উক্ত সভাত ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰক্ষেপিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে উপস্থিত থাকি ভাষন প্ৰসংগত কয় যে, মৌলানা বদৰুদ্দিন অাজমল মোৰ অভিভাৱক নহয়। মোৰ অভিভাৱক কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, মোৰ অভিভাৱক ছোনীয়া গান্ধী, মোৰ অভিভাৱক ৰাহুল গান্ধী, মোৰ অভিভাৱক ৰিপুণ বৰা, মোৰ অভিভাৱক দেৱব্ৰত শ‌ইকীয়া ¸ বৰবালাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এক জনসভাত এনেদৰে কয় সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে। সিকদাৰক পূৰ্বতে এক জনসভাত এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত সিকদাৰে আজমলক উভতি ধৰি কয় যে, আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলে সৰুক্ষেত্ৰী সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক, আজমল ডাঙৰীয়াৰ পুত্ৰ‌ই বিধানসভাত দেশৰ বাবে সমাজৰ বাবে কি কি কৰিছে, সেয়া প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনায়। আনকি নিজৰ ভাষণত জাকিৰ হুছেইন সিকদাৰে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত অাৰু কয় যে, যদি তেওঁৰ কাৰ্যকালত উন্নয়ন কৰিছে, তেন্তে নিশ্চয় ৰাইজে ভোট দিব। অাৰু যদি কাম কৰা নাই তেন্তে ৰাইজে তেওঁক ভোট দিব নালাগে বুলিও আক্ষেপেৰে নিজৰ মত ব্যক্ত কৰে। উল্লেখ্য যে, কেইবা হেজাৰ ভোটাৰ ৰাইজ উপস্থিত থকা সভাত জিলাখনৰ বিভিন্ন পৰ্যায়ৰ শীৰ্ষপৰ্যায়ৰ নেতৃবৃন্দই উপস্থিত থাকি নিৰ্বাচন কেন্দ্ৰিক ভাষন প্ৰদান কৰে।

No comments