Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসমত মহাজোঁটৰ চৰকাৰ হ'ব, ২ মেত বিজেপি চৰকাৰৰ শ্ৰাদ্ধ হ'বঃ হাগ্ৰামা মহিলাৰী

  দিদাৰ হুছেইন,হাউলী,৪ এপ্ৰিলঃ   ছয় এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনত মহাজোঁটৰ ৪৩ নং বৰপেটা সদৰ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প...

 


দিদাৰ হুছেইন,হাউলী,৪ এপ্ৰিলঃ ছয় এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনত মহাজোঁটৰ ৪৩ নং বৰপেটা সদৰ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ  অন্তিম খন বিশাল নিৰ্বাচনী সভা ৰবিবাৰে  দিনৰ ১১ বজাত পালহাজী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অনুষ্ঠিত হয় | বৰপেটা জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰহিম খানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা  নিৰ্বাচনী সভা খনত বিটিচিৰ প্ৰাক্তন চীফ তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে উপস্থিত থাকি কয় যে, অসমৰ দূৰ্ণীতিগ্ৰস্ত, সাম্প্ৰদায়িক হিন্দু-মুছলমানৰ ৰাজনীতি কৰা চৰকাৰ খন পুণৰ অসমৰ গাদীত দখল কৰিব নোৱাৰে সেই কথা খাটাং হৈ পৰিছে বুলি মন্তব্য কৰে | এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ'ব আৰু দুই মেত নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি চৰকাৰৰ শ্ৰাদ্ধ   পাতিম বুলিও হাগ্ৰামাই কটাক্ষ কৰে | মহাজোঁটৰ বৰপেটা সদৰ সমষ্টিৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক এক লাখতকৈ অধিক ভোটত নিবাচিত কৰি দিলে, আপোনালোকক মন্ত্ৰীৰ উপহাৰ দিম বুলি সভাত ঘোষণা কৰাৰ লগতে পালহাজী অঞ্চলৰ মূল চাৰিটা পথ পকীকৰণৰ ব্যৱস্থা কৰি দিম বুলি হাগ্ৰামাই ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে | সৰ্বানন্দ সোণোৱালে সকলো ঠাইতে কৈ ফুৰে বিজেপি চৰকাৰে দূৰ্ণীতি নকৰে বুলি ফুলজাৰী মাৰে কিন্তু দূৰ্ণীতি, চিণ্ডিকেটৰাজ,কমিচনৰাজ, টোলগেট,গৰুৰ ব্যৱসায়ী আদিৰ লগত বৰ্তমানৰ বিজেপি চৰকাৰ খনে জৰিত হৈ লুণ্ঠনৰাজ চলাই আহিছে বুলি হাগ্ৰামাই অভিযোগ কৰে | অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সভাখনত উপস্থিত থাকি বিজেপি চৰকাৰ খনে সকলো ক্ষেত্ৰতেই লাঞ্চিত -বঞ্চিত ,অপমানিত কৰি আহিছে বুলি অভিযোগ কৰে | নিজামুদ্দিন তবলীগ জামাতৰ মুছলমান সকলে অসমত কৰোণা বিয়পোৱা বুলি বিষবাষ্প বিয়পাইছিল ,কিন্তু সকলো কথা মিছা প্ৰমাণিত হ'ল এয়াই হৈছে বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ খনৰ চৰিত্ৰ বুলি মন্তব্য কৰে |বৰপেটা সমষ্টিত অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গুণীন্দ্ৰ নাথ দাস (হনু)ৰ নাওঁ ডুবিছে,হনু এতিয়া গেছৰ ব্যৱসায়ী কৰাই ভাল বুলি ভট্টাচাৰ্যই উল্লেখ কৰে | প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক খলিলুৰ ৰহমানে সভা খনত উপস্থিত থাকি কয় যে, অসম হৈছে শংকৰদেৱ -মাধৱদেৱ আৰু আজানৰ ফকীৰৰ দেশ ইয়াত বিজেপিৰ হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰে | উক্ত সভাখনত আমছুৰ প্ৰাক্তন সভাপতি আব্দুচ ছামাদ আহমেদ, আমছুৰ প্ৰাক্তন নেতা ৰিয়াজুদ্দিন আহমেদ,বিপিএফৰ নেত্ৰী বেগম আক্তাৰা আহমেদ আদিয়ে উপস্থিত থাকি অসমৰ বিজেপি চৰকাৰ খনক ক্ষূঢ়দাৰ সমলোচনা কৰাৰ লগতে ছয় এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় | সভাত জিলা পৰিষদৰ সদস্যদ্বয় হাবিবুল্লা,ছহিদুল ইছলাম, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইন,ইউডিএফৰ বৰপেটা সমষ্টি কমিটিৰ সভাপতি তৈয়ুৱ হুছেইন খান, সমাজকৰ্মী ছফিউৰ ৰহমান,অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে | মহাজোঁটৰ বৰপেটা সমষ্টিৰ অন্তিম খন সভা পালহাজীৰ বিভিন্ন এলেকাৰ প্ৰায় দহ হাজাৰৰো অধিক পুৰুষ-মহিলা,যুৱক-যুৱতীৰ উপস্থিতিয়ে আব্দুৰ ৰহিম আহমেদৰ বিজয় নিশ্চিত বুলি স্থানীয় ৰাইজৰ মাজত ব্যাপকৰূপে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে |

No comments