Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আমগুৰিৰ নমিতা ফুকনলৈ মহীয়সী সন্মান

  ষ্টাফ ৰিপ'ৰ্টাৰ,যোৰহাট, ৮এপ্ৰিল :সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা প্ৰকৃত অগ্ৰণী ব্যক্তি সকলক ৰাইজৰ মাজত চিনাকি কৰি দিয়...


 ষ্টাফ ৰিপ'ৰ্টাৰ,যোৰহাট, ৮এপ্ৰিল:সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা প্ৰকৃত অগ্ৰণী ব্যক্তি সকলক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ মানসেৰে যোৰহাটৰ এনাজৰী সাহিত্য-সংস্কৃতি গোষ্ঠীয়ে ২০১৩ বৰ্ষৰ পৰা সন্মানিত কৰি আহিছে। চলিত বৰ্ষৰ মহীয়সী সন্মানৰ বাবে নিৰ্বাচিত হৈছে শিবসাগৰ জিলাৰ আমগুৰিৰ অভয়াপুৰীয়াৰ নিবাসী, বিশিষ্ট সামাজকৰ্মী নমিতা ফুকন ।সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীবন সদস্য অসম লেখিকা সমাৰোহ সমিতিৰ আমগুৰি শাখাৰ বিষয়ববীয়া,অল ইণ্ডিয়া কাণ্ট্ৰি ৱমেন এছ'চিয়েশ্বনৰ সদস্য,ভাৰত চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্পৰ মন্ত্ৰালয়ৰ স্বীকৃতিপ্ৰাপ্ত হিচাবে অসমৰ হৈ ১৯৯৪চনত ত্ৰিবান্দ্ৰম কেৰেলাত অনুষ্ঠিত হোৱা বাণিজ্য মেলাত অংশ গ্ৰহণৰে অসমৰ শিল্প কলা প্ৰদৰ্শন কৰি মান পত্ৰৰে পুৰস্কত, আমগুৰি বহুমুখী মহিলা সমিতি ,জোনাকী মহিলা সমিতিকে ধৰি ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত নমিতা ফুকনক অহা ১১এপ্ৰিলত পশ্চিম যোৰহাট সাংবাদিক সংস্হাৰ কাৰ্যালয়''সংবাদ ভৱন"ত অনুষ্ঠিত হ'বলগা' এনাজৰী সাহিত্য -সংস্কৃতি গোষ্ঠীৰ এক বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব।

No comments