Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজিও সম্পূৰ্ণ নহল "প্লাষ্টিক পার্ক" চৰকাৰৰ বঞ্চনাক ৰাইজৰ ধিক্কাৰ।

মাইনু মৰাণ: ডুমডুমা : ঐতিহাসিক অসম চুক্তিৰ আধাৰত ডিব্ৰুগড়ৰ লেপেটকটাত ব্ৰক্ষ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ( বি চি পি এল ) নিয়াৰিকৈ চলি ...


মাইনু মৰাণ: ডুমডুমা : ঐতিহাসিক অসম চুক্তিৰ আধাৰত ডিব্ৰুগড়ৰ লেপেটকটাত ব্ৰক্ষ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ( বি চি পি এল ) নিয়াৰিকৈ চলি আছে। আনকি বি চি পি এল ত উৎপাদন হৈয়ে আছে। কিন্তু  বি চি পি এল ৰ লগে লগে নিৰ্মান কাৰ্য্য আৰম্ভ কৰা তিনিচুকীয়াৰ প্লাষ্টিক পার্ক আজিও কাৰ্যক্ষম নোহোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত পাঁচ শ বিঘা ভূমি অধিগ্ৰহণ কৰি অসম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেড ( এ আই ডি চি এল) ৰ অধীনত প্ৰায় এশ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মান কাৰ্য্য কৰিছিল যদিও প্লাষ্টিক পার্ক আজি পৰ্যন্ত সম্পূৰ্ণ নহল। প্লাষ্টিক পার্কত কোনো কাম নোহোৱাত বি চি পি এল ত উৎপাদিত কেঁচা সামগ্ৰী ( ৰ' মেটেৰিয়েল, পলিমাৰ) বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি আহিছে। পৰিপ্ৰেক্ষিতত অসম বহু লোকচানৰ সন্মুখীন হব লগা হৈছে বুলি ৰাইজে চর্চা কৰিছে। বিগত ২০১৫ৰ ভিতৰত প্লাষ্টিক পার্ক নিৰ্মান সম্পূৰ্ণ হব বুলি ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ নহল। নিৰ্মান কাৰ্য্য চলিয়েই আছে। প্লাষ্টিক পাৰ্কত প্ৰশিক্ষণ কক্ষ, কোৱালিটি কনট্ৰল লেবেৰেটৰি, সভা কক্ষ, প্ৰশাসনিক ভৱন, অৰ্ধ শতাধিক ইণ্ডাষ্ট্ৰিয়েল ছেদ আদি নিৰ্মাণ কৰাৰ কথা আছিল। কোটি কোটি টকা চৰকাৰী ধন ব্যয় কৰি প্লাষ্টিক পার্ক নিৰ্মাণ কাৰ্য্য চলিয়েই আছে। অসম আৰু অসমীয়াৰ আৱেগৰ সৈতে জড়িত প্লাষ্টিক পার্ক শীঘ্ৰে কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

No comments