Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিমাতীৰ ২নং বুল হে'ড পৰিদৰ্শন আছুৰ নেতৃত্বৰ

যোৰহাট,  ৫ এপ্ৰিল : ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতক বাধা দি থকা, যোৰহাট নগৰৰ ৰক্ষাকৱচ স্বৰূপ নিমাতীৰ ২ নং বুল হে'ড খহনীয়াত জাহ যোৱাত নিমাতী-যোৰ...


যোৰহাট,  ৫ এপ্ৰিল: ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতক বাধা দি থকা, যোৰহাট নগৰৰ ৰক্ষাকৱচ স্বৰূপ নিমাতীৰ ২ নং বুল হে'ড খহনীয়াত জাহ যোৱাত নিমাতী-যোৰহাটলৈ বিপদৰ সংকেত কঢ়িয়াই আনিছে। সমাগত বাৰিষাত ঐতিহাসিক নিমাতিৰ লগতে যোৰহাট বাসীয়ে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আজি জাহ যোৱা ২নং বুল হে'ডটো সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে পৰিদৰ্শন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সহ: সাধাৰণ সম্পাদক জুল খাউণ্ড, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য জিতু নেওগ,জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে ২নং বুল হে'ডৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি উদ্বিগ্ন হৈ পৰে। বিগত সময়ছোৱাত নিমাতি অঞ্চলত হোৱা ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া ৰোধ কৰিবলৈ জলসম্পদ বিভাগে আজিও কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰিলে। অতি পৰিতাপৰ বিষয় যে,ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতৰ পৰা পৰিত্ৰাণৰ বাবে বিগত সময়ছোৱাত নিমাতী হাতীশাল শৈলবান্ধ আঁচনিৰ ২নং বুল হে'ড টোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ডাইনী গাওঁ আৰু কিনাৰী চুকৰ মাজত থকা ২নং বুল হে'ড টোৱে ব্ৰহ্মপুত্ৰ মূল সোঁত টোৰ গতি সলাই অহাৰ ফলত খহনীয়া কিছু পৰিমানে কমিছিল যদিও ২নং বুল হে'ড টোৱে অৰ্থাৎ দক্ষিণমুৱা হোৱা ব্ৰহ্মপুত্ৰৰ জলৰাশিক বিপৰীত দিশলৈ পঠিওৱাত ইয়াৰ পাদদেশত হোৱা ভয়াৱহ খহনীয়া বহু পৰিমানে কমে। ঘটনাস্থলী পৰিদৰ্শন কৰি ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিৰ নেতাদ্বয় জুল খাউণ্ড আৰু জিতু নেওগে কয়, নিমাতীৰ লগতে যোৰহাট নগৰৰ ৰক্ষাকৱচ স্বৰূপ এই ২নং বুল হে'ডটোৰ খহনীয়া সন্দৰ্ভত খৰালিৰ সময়ত জলসম্পদ বিভাগক ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনায় অহা পিছতো পুনৰ নিৰ্মান নকৰিলে। ইয়াৰ ফলশ্ৰুতিত আসন্ন বাৰিষাৰ সময়ত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ইংগিত বহন কৰিছে। ইয়াৰ লগে লগে নিমাতী- কমলাবাৰী ঘাটৰ সমীপৰ প্রায় ৫০মি: জিঅ' বেগ উটি গ'ল যদিও জলসম্পদ বিভাগে নতুনকৈ মেৰামতি কৰা দেখা পোৱা নগ'ল। আগন্তুক বাৰিষাৰ আগতে জলসম্পদ বিভাগে নিমাতী ঘাটৰ পথছোৱাত জিঅ' বেগ আঁচনি গ্ৰহণ নকৰিলে পুনৰ খহনীয়াৰ সন্মুখীন হ'ব। বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় যে, খৰালিৰ সময়ত হাত সাৱটি বহি থাকি জলসম্পদ বিভাগে বাৰিষা আহিলে ক্ষীপ্ৰতাৰে মেৰামতিৰ কাম কৰে যদিও পানীৰ গভীৰতা বেছি হোৱাৰ অজুহাত দেখুৱাই বিজ্ঞানসন্মতভাবে নিৰ্মান কৰিব নোৱাৰে।বিগত সময়ত জিলা ছাত্ৰ সন্থায়ে জিলা প্ৰশাসন,জলসম্পদ বিভাগ আৰু অসম চৰকাৰক বাৰম্বাৰ জনাই অহাৰ পাছতো আজিলৈকে কোনো ধৰণৰ বিজ্ঞানসন্মত আঁচনি প্ৰস্তুত নকৰিলে। কেৱল নিৰ্বাচন আহিলেই নিমাতিৰ বান গৰাখহনীয়া সমস্যালৈ মনত পৰা চৰকাৰ খনে বাকী চাৰিবছৰ হাত সাৱটি বহি থকাৰ ফলত নিমাতী অঞ্চলৰ ৰাইজে বানপানী সময়ত জীয়াঁতু ভুগিব লগা হৈছে। স্বাধীনতাৰ ৭৩ বছৰ অতিক্ৰম কৰাৰ পাছতো আজিলৈকে নিমাতীৰ বান আৰু গৰাখহনীয়া সমস্যাক বিজ্ঞানসন্মতভাৱে আঁচনি প্ৰস্তত কৰি স্থায়ী সমাধান নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক।এচাম ঠিকাদাৰ আৰু এচাম চৰকাৰী বিষয়াৰ বাবে নিমাতীৰ বান-গৰাখহনীয়া সমস্যাৰ জিঅ' বেগ নিৰ্মাণ আৰু মেৰামতিৰ কাম সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। বাৰিষা আৰম্ভ হোৱাৰ আগতে যুদ্ধকালীন তৎপৰতাৰে ২নং বুল হে'ডটোৰ ৰক্ষাৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ছাত্ৰ সন্থায়ে ধাৰাবাহিকভাবে জলসম্পদ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। তাৰ লগে লগে ভৱিষ্যতে নিমাতীৰ বান খহনীয়া সমস্যাৰ এখন দীৰ্ঘম্যাদী বিজ্ঞানসন্মত আঁচনি শীঘ্ৰে প্ৰস্তুত কৰি কাৰ্যকৰী কৰিবলৈও বৰদলৈয়ে দাবী জনায়।

No comments