Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোত অজাপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি, শতাধিকৰ যোগদান

  গণ বাৰ্তা, হাজো, ১ এপ্ৰিল : বহু প্ৰতীক্ষাৰ অন্তত আজি হাজো অজাপই মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। এই উপলক্ষে হাজো অজাপৰ বৰুৱাবাৰীস্থিত কেন্দ...


 গণ বাৰ্তা, হাজো, ১ এপ্ৰিল : বহু প্ৰতীক্ষাৰ অন্তত আজি হাজো অজাপই মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। এই উপলক্ষে হাজো অজাপৰ বৰুৱাবাৰীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুস্থিত এক সভাত এই ইস্তাহাৰ মুকলি কৰে। অজাপ নেতা ৰমনি মালাকাৰৰ পৌৰোহিত্যত অনুস্থিত সভাত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি অজাপৰ মনোনীত প্ৰাৰ্থী দুলু আহমেদৰ পত্নী ৰজী আহমেদে ভাষন প্ৰসংগত কয়, বৰ্তমান সময়ত হাজো-পটনিত নিৰ্মীয়মান পঞ্চতীৰ্থ শ্বপিং কমপ্লেত ছয়শতকৈ অধিক নিৱনুৱা শিক্ষিত যুৱক-যুৱতীক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা হব,শৰীৰ চৰ্চা কেন্দ্ৰস্থাপন, যোগাশন কেন্দ্ৰ স্থাপন,ক্ৰীড়াৰ অগ্ৰগতি, মহিলা সবলীকৰন, শিক্ষা, স্বাস্থ্য আৰু সংস্থাপন, কৃষি, উদ্যোগ আৰু ব্যৱসায়ত মনোনিৱেশ, অৱসৰী আৰু বয়োজ্যেষ্ঠ সকলৰ বাবে জাতীয় মিলন কেন্দ্ৰ স্থাপন, জিৰনী কেন্দ্ৰ, পুথিভঁৰাল, ইণ্ডোৰ গেমৰ ব্যৱস্থাকৰন, প্ৰতিখন পঞ্চায়তত স্পোকেন ইংলিছ চেন্টাৰ স্থাপন, পঞ্চতীৰ্থ তথা পোৱামক্কা দৰ্গাহক সামৰি সমষ্টিটোক টুৰিজিম হাবলৈ উন্নীতকৰন, দমদমা মহাবিদ্যালয়ত বিজ্ঞান শাখা স্থাপন, গাওঁ ৰক্ষী বাহিনীক মোবাইল প্ৰদানেৰে সুচল কৰা, বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ আদিকে ধৰি হাজো সমষ্টিক সামগ্ৰিক ভাৱে উন্নয়নৰ দিশলৈ আগবঢ়াই নিয়াই অজাপৰ মুল লক্ষ্য। এই ইস্তাহাৰ মুকলি অনুস্থানত অজাপ নেতা জিতেন্দ্ৰ ভৰালী, নাৰায়ন নমশূদ্ৰ, মহিলা নেত্ৰী পুতুলি মহন্ত কলিতা, সঞ্জীৱ মহন্তকে ধৰি কেইবা গৰাকী নেতা উপস্থিত থাকে। এই ইস্তাহাৰ মুকলি অনুস্থানতে অগপ, বিজেপি, কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মী সমৰ্থকে আনুস্থানিক ভাৱে অজাপ দলত যোগদান কৰে। ইফালে সভাৰ প্ৰাক মূহুৰ্তত অজাপৰ ৰাজ্যিক সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু সন্ধিয়া অজাপৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি সমষ্টিৰ অন্তৰ্গত সমুহ নিৰ্বাচনী কাৰ্যালয়ত বন্তি প্ৰজ্বলনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

No comments