Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দেৰগাঁৱত মিছিং অফিচিয়েল মিউজিক ভিডিঅ "আই মিছ ইউ " উন্মোচন

গণবাৰ্তা দেৰগাঁও, ১ এপ্ৰিলঃ দেৰগাঁৱৰ চাৰিঘৰীয়াৰ সাংস্কৃতিক কৰ্মী ৰাতুল মৰাঙৰ বাসগৃহৰ প্ৰাংগণত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত "আই মিছ ইউ&qu...


গণবাৰ্তা দেৰগাঁও, ১ এপ্ৰিলঃ দেৰগাঁৱৰ চাৰিঘৰীয়াৰ সাংস্কৃতিক কৰ্মী ৰাতুল মৰাঙৰ বাসগৃহৰ প্ৰাংগণত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত "আই মিছ ইউ" নামৰ এটি মিছিং  অফিচিয়েল মিউজিক ভিডিঅ উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানটিত বন্তি প্ৰজ্বলনৰ পাছতেই কেক কাটি মিউজিক ভিডিঅটিৰ উন্মোচন কৰে মিছিং সমাজৰ বিশিষ্ট কন্ঠ শিল্পী হিৰন্য পেগুৱে । বিষ্ণু পেগুৱে আঁত ধৰা অনুষ্ঠানটিত অনাঁটাৰ শিল্পী সনাতন গুৱালা, সাংবাদিক কুমুদ বৰা, মডেলিং বিশ্বজিত মিলি, সাংস্কৃতিক কৰ্মী তুলসী পায়েঙ বিনোৱা দলেৰ লগতে কলা কুশলী সকল উপস্থিত থাকে । ৰাতুল মৰাঙৰ প্ৰযোজনা আৰু চন্দন পাচুংৰ পৰিচালনাৰে আই মিছ ইউ অফিচিয়েল ভিদিঅটোৰ সংগীত ব্যৱস্থাপনা জন আৰু পংকজৰ, কন্ঠ নিগৰাইছে জন পাছুং আৰু ৰুনু পাছুঙে।বেদান্ত ৰাজ বৰা, নিতুল পেগু, ময়ুৰী পেগু, পুষ্পাঞ্জলী মৰাং আদিয়ে অভিনয় কৰা অফিচিয়েল ভিদিঅটো সকলোৱে আদৰি লব বুলি আশাবাদী কলা-কুশলী সকল ।

No comments