Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

CAA ৰ বিৰুধীতাৰে যোৰহাটত আছুৰ বিশাল বাইক ৰেলী

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ২০ মাৰ্চ : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ বিৰোধীতাৰে যোৰহাটত যোৰহাট আঞ্চলিক ছাত্ৰ সন্...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ২০ মাৰ্চ
: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ৰ বিৰোধীতাৰে যোৰহাটত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , পূৱ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এক বিশাল বাইক ৰেলী বাহিৰ কৰে । ছয় শতাধিকতকৈও অধিক বাইকত ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৭০ কি:মি: অঞ্চল পৰিভ্ৰমণ কৰে। যোৰহাট ষ্টেডিয়ামৰ পৰা ওলোৱা বাইক ৰেলীটোৰ আৰম্ভণি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে । বাইক ৰেলীটো যোৰহাট ষ্টেডিয়ামৰ পৰা বৰুৱা চাৰিআলিহৈ তৰাজান সোণাৰী গাঁৱে দি জেইল ৰোডত উপস্থিত হয় আৰু জেইল ৰোডৰ পৰা গীতাৰ্থী স্কুলৰ সন্মুখেদি আহি কে বি ৰোডস্থিত পি.ডব্লিও.ডি পইণ্টত উপস্থিত হয় । ইয়াৰ পাছত কেবি ৰোডৰ পৰা গড়আলি হৈ কেন্দুগুৰি , চাৰিগাঁও , পটীয়াগাঁও , জানখনা গাঁও , বালিগাঁও , গৰখীয়া দ'ল , মনাইমাজি , ঢেকৰগড়া কমাৰগাঁও , ঘৰফলিয়া গাঁও , সৰুচৰাই , পুলিবৰ তিনিআলি , এটি ৰোড ইত্যাদি অঞ্চল পৰিভ্ৰমণ কৰি নগৰত সোমাই তৰাজান অঞ্চলৰ পৰা তৰুণৰাম ফুকন পথেদি পুনৰ যোৰহাট ষ্টেডিয়ামত উপস্থিত হয় । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰা , সভাপতি বিজয় শংকৰ বৰদলৈ অংশগ্ৰহণ কৰা ৰেলীটোত জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহকৰ কেইবাগৰাকী সদস্যৰ লগতে ,মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থা সমূহৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে । বাইক ৰেলীটো আৰম্ভণি কৰি আছুৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয় , অসমৰ সভ্যতা-সংস্কৃতি , অসমীয়া ভাষা , থলুৱা লোকৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিব বিচৰা জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইনখনৰ আমি আৰম্ভণি পৰ্যায়ৰ পৰাই বিৰোধিতা কৰি আহিছোঁ আৰু বাতিল নকৰা পৰ্যন্ত বিৰোধিতা কৰি যাম । বিজেপি দলে শেহতীয়াকৈ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে আৰু নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে 'কা' সন্দৰ্ভত তেওঁলোকৰ পূৰ্বৰ স্থিতি অটুট থাকিব , অক্ষুন্ন থাকিব। খাউণ্ডে বিজেপি দলক প্ৰত্যাহ্বান জনাই কয় , বিজেপিৰ যদি দম আছে , বিজেপিৰ যদি সৎ সাহস আছে তেন্তে বিজেপি দলে 'কা' খন ভাল বুলি কৈ অসমীয়া অধ্যুষিত অঞ্চলত ভোট ভিক্ষা কৰক । কেৱল এটা বিশেষ সম্প্ৰদায়ৰ ভোট বেংকৰ স্বাৰ্থত 'কা' ৰ কথা কৈ অসমীয়া মানুহক বিপথে পৰিচালিত কৰিব বিচাৰি অসমীয়া জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি নিব খোজা কাৰ্যক কেতিয়াও গ্ৰহণ কৰা নহ'ব । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , পৰিৱৰ্তনৰ অচিলাৰে শাসনলৈ অহা বিজেপি চৰকাৰখনে অবৈধ বিদেশীক টালি-টোপোলা বান্ধিবলৈ কথাৰে কৈছিল , কিন্তু টালি-টোপোলা বান্ধি অসমলৈ আহিবলৈ কৈছিল নে , অসমৰ পৰা যাবলৈ কৈছিল সেই কথা কিন্তু আজিও পৰিস্ফুট নহ'ল । এনে অৱস্থাত বিগত সময়ত এই জাতিধ্বংসী আইনখনৰ বিৰোধিতাৰে অসমত স্বতঃস্ফুটভাৱে গঢ় লৈ উঠা সংগ্ৰামখনক চৰকাৰখনে হত্যাকাৰীৰ ভূমিকা পালন কৰি পাঁচজনকৈ যুৱকক নিৰ্মমভাৱে হত্যা কৰিলে । তাৰ পৰৱৰ্তী সময়তো তেওঁলোকে দম্ভালি পৰিহাৰ নকৰি কেৱল ভোটবেংক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত বাৰম্বাৰ 'কা' ৰ কথা কৈয়েই থাকিলে । অসমীয়া এনেকুৱা এটা জাতি যিটো জাতিৰ ৰক্তিম ইতিহাস অধ্যয়ন কৰিলে আমি দেখা পাম যে এই জাতিয়ে যুঁজিবও জানে , জিকিবও জানে । গতিকে অসমীয়াৰ লগত বিজেপিৰ নাগপুৰস্থিত বৰমূৰীয়া সকলে প্ৰত্যাহ্বান জনাই লাভ নাই , এনে প্ৰত্যাহ্বান নিটিকিব , উফৰি যাব । এনেধৰণৰ প্ৰত্যাহ্বানে বিজেপি দলক অসমৰ পৰা পুলিয়ে-পোখায়ে উৎখাট কৰিব বুলি বৰদলৈয়ে ব্যক্ত কৰে । প্ৰতিবাদী বাইক ৰেলীটোত আজি ' জাতিৰ প্ৰতাৰক সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ' , ' মিছলিয়া নৰেন্দ্ৰ মোদী মূর্দাবাদ ' , ' অমিত শ্বাহৰ কূটনীতি অসমত নছলিব ' , ' কা আমি নামানো ' , ' হয় কা বাতিল কৰক , নহয় আমাক গ্ৰেপ্তাৰ কৰক ' , ' কা সন্দৰ্ভত দুমুখীয়া নীতি অৱলম্বন কৰা প্ৰাক্তন জাতীয়তাবাদী শিবিৰৰ নেতা হিতেন গোস্বামী মূর্দাবাদ ' , ' নিজৰ স্বাৰ্থত জাতিক প্ৰতাৰণা কৰা ভবেন্দ্ৰনাথ ভৰালী মূর্দাবাদ ' ইত্যা

No comments