Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুধনৈ সমষ্টিত দীপক কুমাৰ ৰাভাক প্ৰাৰ্থীত্ব নিদিয়াত ক্ষোভ, ক্ষুব্ধ বিজেপি কৰ্মীয়ে দুধনৈ সমষ্টিৰ বিজেপি কাৰ্যালয়ত লগালে তলা

গণ বাৰ্তা, দুধনৈ, ৬ মাৰ্চ ঃ সমাগত বিধানসভা নিৰ্বাচন। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক ব্যস্ততা। এই মুহূৰ্তত অসমৰ ৭০টা সমষ্টিত বিজেপিয়ে...

গণ বাৰ্তা, দুধনৈ, ৬ মাৰ্চ ঃ সমাগত বিধানসভা নিৰ্বাচন। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক ব্যস্ততা। এই মুহূৰ্তত অসমৰ ৭০টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে। কেইবাগৰাকী বিধায়কৰ পাখি কটা গৈছে। ইয়াৰ বিপৰীতে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ অসমৰ বিভিন্ন সমষ্টিত বিজেপিৰ দলীয় কৰ্মীসকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। দুধনৈ বিধানসভা সমষ্টিতো ইয়াৰ ব্যতিক্ৰম নহয়। কাৰণ, দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাক এইবেলি বিজেপিয়ে প্ৰাৰ্থিত্ব নিদি এই সমষ্টিটো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক ৰাজ্যিক বিজেপিয়ে এৰি দিছে। ইয়াতে ক্ষোভিত হৈ পৰে দুধনৈ সমষ্টিৰ বিজেপিৰ দলীয় নেতা-কৰ্মীসকল। আজি দুধনৈৰ দামৰা পথত থকা দুধনৈ সমষ্টিৰ বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বিজেপিৰ একাংশ দলীয় কৰ্মীয়ে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিজেপিৰ কৰ্মীসকলে ‘গোৱালপাৰা জিলাক বিজেপি শূন্য নকৰিব’, ‘দলীয় কাৰ্যকৰ্তাৰ আবেগক গুৰুত্ব দিয়ক’, ‘দুধনৈ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীক টিকট দিয়ক’, ‘দলীয় কাৰ্যকৰ্তাক ক্ষোভিত নকৰিব’, ‘ভাৰত মাতা কি জয়’ ইত্যাদি শ্লে­াগান দি পৰিৱেশ মুখৰিত কৰি তোলে। 

দলীয় কৰ্মীসকলে বৰ্তমানৰ বিজেপি বিধায়কগৰাকীৰ নেতৃত্বত জিলাখনৰ লগতে দুধনৈ সমষ্টিত তৃণমূল পৰ্যায়ৰ পৰা ওপৰলৈ বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰি তোলাৰ পিছতো কেন্দ্ৰীয় নেতৃত্বই বিজেপি দলৰ প্ৰাৰ্থী ঘোষণা নকৰি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিলৈ দুধনৈ সমষ্টি এৰি দিয়াত ক্ষুণ্ণ হৈ পৰিছে দলীয় কৰ্মীসকল। প্ৰতিবাদী কাৰ্যসূচীৰ পিছত দুধনৈ সমষ্টিৰ বিজেপিৰ কাৰ্যালয়টোত দলীয় কৰ্মীসকলে অনিৰ্দিষ্ট কাললৈ তলা মাৰি দিয়ে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি গোৱালপাৰা জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিপুল ৰাভাই কয় যে বিজেপিৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা সিদ্ধান্তত আমি দুধনৈ সমষ্টিৰ লগতে গোৱালপাৰা জিলাৰ বিজেপিৰ কৰ্মীসকলে মৰ্মাহত হৈছো। আজিৰ তাৰিখত দুধনৈ সমষ্টিত বিজেপিৰ ভেটি যথেষ্ট শক্তিশালী। 

সেয়ে বিজেপিৰ সাংগঠনিক ভেটি আৰু মজবুত কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সমিতিয়ে এই সিদ্ধান্ত সলনি কৰক। অন্যথা সমষ্টিটোত বিজেপিৰ অস্তিত্ব ৰক্ষাৰ বাবে দলীয় কৰ্মীসকলে আন্দোলন চলাই যাব। ইপিনে, মিত্ৰতা সূত্ৰে ৰাজ্যিক বিজেপিয়ে দুধনৈ সমষ্টিতো ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক এৰি দিলেও যৌথ মঞ্চৰ প্ৰাৰ্থীক সহযোগ নকৰে বুলি বিজেপিৰ কৰ্মীসকলে জানিবলৈ দিয়ে। ইপিনে, গোৱালপাৰা জিলাৰ যুৱ বিজেপিৰ সভাপতিয়ে ক্ষোভেৰে কয় যে সমষ্টিটোত দলৰ স্বাৰ্থত কাৰ নিৰ্দেশত গোৱালপাৰা জিলাৰ চাৰিওটা সমষ্টিত বিজেপিৰ ৰাজ্যিক সমিতিয়ে বিজেপি কৰ্মীসকলৰ লগতে দুধনৈ সমষ্টিত  বিজেপিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাৰ্থী দীপক কুমাৰ ৰাভাক টিকট নিদি বলিৰ পঠা সজালে বুলি মন্তব্য কৰে। 

লগতে তেওঁ কয় যে ৰাজ্যিক বিজেপিয়ে এই সিদ্ধান্ত সলনি নকৰিলে গোৱালপাৰা জিলাখনত বিজেপি একেবাৰে নিচিহ্ন হৈ যাব। দলীয় কৰ্মীসকলে জানিবলৈ দিয়া মৰ্মে দুদিনৰ পৰা গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্ৰী দাসক বিজেপিৰ কৰ্মীসকলে বিচাৰি নোপোৱাত আজি দৰংগিৰীত থকা দাসৰ বাসভৱন ঘেৰাও কৰে। উল্লেখ্য যে জিলা সমিতিৰ বিষয়ববীয়া তথা কৰ্মীসকলে সভাপতিগৰাকীৰ লগত ব্যক্তিগত বা ফোনযোগে যোগাযোগ কৰি নোপোৱাত এইদৰে ঘেৰাও কাৰ্যসূচী হাতত লোৱা বুলি বিজেপি কৰ্মীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিজেপিৰ কেন্দ্ৰীয় তথা ৰাজ্যিক বিজেপিয়ে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক দুধনৈ সমষ্টিটো এৰি দিলেও যৌথ মঞ্চই প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ইয়াত যৌথ মঞ্চৰো দ্বিমত নাই বুলি জানিব পৰা গৈছে।

No comments