Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংকটজনক অৱস্থাত ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা মাতৃৰ কাষত লুৰীণজ্যোতি গগৈ

গণ বাৰ্তা, ডিব্ৰুগড়, ৩০ মাৰ্চঃ মাতৃ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা খবৰ পোৱাৰ পাছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যাতি গগৈয়ে গুৱাহাটী পৰা ...


গণ বাৰ্তা, ডিব্ৰুগড়, ৩০ মাৰ্চঃ মাতৃ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা খবৰ পোৱাৰ পাছতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যাতি গগৈয়ে গুৱাহাটী পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হৈ ডিব্ৰুগড় সঞ্জীৱনী নাৰ্চী হোমৰ আই চি ইউত চিকিৎসাধীন হৈ থকা মাতৃৰ কাষত উপস্থিত হয়। ইয়াৰ উপৰিও চিকিৎসক সকলৰ লগত মাতৃৰ চিকিৎসাৰ ক্ষেত্রত মতবিনিময় কৰে। লুৰীণজ্যাতি গগৈৰ মাতৃৰ খবৰ লবলৈ এতিয়া শ শ অনুৰাগীয়ে ডিব্ৰুগড় সঞ্জীৱনী নাৰ্চী হোমৰৰ চৌহদৰ ভিতৰে বাহিৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। অসম জাতীয় পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি মিলন সোনোৱাল, বিৰেন বৰুৱা, ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী অজিত বৰগোঁহাই, কংগ্ৰেছ দলৰ লাহোৱাল সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, লিখন বৰুৱা, সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যােতি বৰুৱা, উদ্দীপজ্যাতি গগৈ, ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সভাপতি বুলবুল দত্তৰ লগতে অন্য দল-সংগঠৰ বিষয়ববীয়া সকলে ভিৰ কৰা দেখা যায়।

No comments