Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰলৈ প্ৰতিদিনে বৃদ্ধি পাইছে জনসমৰ্থন

গণ বাৰ্তা, জাৰাবাৰী ১৯ মাৰ্চ : দিছপুৰৰ পৰা বিজেপি চৰকাৰক উৎখাত কৰিবলৈ যদিও অসমত মহাজোট গঠন হৈছে তথাপি ৪৬নং সৰুক্ষেত্ৰীত সমষ্টিত মহাজোটৰ দুই ...


গণ বাৰ্তা, জাৰাবাৰী ১৯ মাৰ্চ
: দিছপুৰৰ পৰা বিজেপি চৰকাৰক উৎখাত কৰিবলৈ যদিও অসমত মহাজোট গঠন হৈছে তথাপি ৪৬নং সৰুক্ষেত্ৰীত সমষ্টিত মহাজোটৰ দুই শক্তিশালী দল কংগ্ৰেছ আৰু এআইইউডিএফে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সংখ্যালঘু গৰিষ্ঠ সমষ্টি সৰুক্ষেত্ৰীত অগপ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীক প্ৰক্ষেপ কৰাটো এই মিত্ৰজোটৰ ভুল ৰণকৌশল বুলি ইতিমধ্যে সমষ্টিত চৰ্চা হৈছে। ৰাজনৈতিক অভিজ্ঞশূন্য কল্পনা পাটোৱাৰীৰ পৰিবৰ্তে অভিজ্ঞ স্থানীয় প্ৰাৰ্থী দিলে সংখ্যালঘু সম্প্ৰদায়ৰ ভোট কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বিভাজনৰ ফলত মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হোৱাৰ প্ৰবল সম্ভৱনা আছিল। কাৰণ ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বৰ্মনে ৪৫৮১৫ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। অৰ্থাৎ বৰ্মনে পোল ভোটৰ ২৯.৪৬ শতাংশ লাভ কৰিছিল। ইয়াৰ বিপৰীতে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে মুঠ ৭০০৬২ ভোট লাভ কৰি জয়ী হৈছিল। সেই নিৰ্বাচনত জাকিৰ হুছেইন সিকদাৰে পোল ভোটৰ ৪৫.০৩ শতাংশ ভোট লাভ কৰিছিল। অৰ্থাৎ চিত্তৰঞ্জন বৰ্মনতকৈ ২৪২৪৭টা ভোট বেছি লাভ কৰি জাকিৰ হুছেইন সিকদাৰ বিধায়ক হিছাপে নিৰ্বাচিত হৈছিল। কিন্তু কল্পনা পাটোৱাৰীয়ে ৰাজনৈতিক ৰণনীতি তৈয়াৰ কৰাত ব্যাৰ্থ হোৱাত ক্ৰমান্বয়ে জাকিৰ হুছেইন সিকদাৰ আপ্ৰতিৰোধ্য হৈ আছে। দ্বিতীয়বাৰৰ বাবে জাকিৰ হুছেইন সিকদাৰে কংগ্ৰেছৰ প্ৰাৰ্থী হিছাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোত বিগত পাচ বছৰ বিধায়ক হৈ থকা সত্বেও জাকিৰ হুছেইন সিকদাৰৰ বিৰুদ্ধে নাই কোনো প্ৰতিষ্ঠানবিৰোধী ঢৌ। যিটো নেকি তেওৰ বিৰুদ্ধে খুবেই যোগাত্মক দিশ হিছাপে বিবেচিত হৈছে। ইফালে বিগত কাৰ্যকালত সমষ্টিটোৰ মুছলমান ভোটাৰৰ লগতে হিন্দু ভোটাৰৰ মাজতো যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পাইছে। আনহাতে সমষ্টিটোত এআইইউডিএফে প্ৰাৰ্থীত্ব দিয়া মিনাক্ষী ৰহমানৰ সমষ্টিৰ কোনো সামাজিক কামত অৱদান নথকা সত্বেও কেৱল এজন ধনাট্য এছিএছ বিষয়াৰ দ্বিতীয় পত্নী হোৱাৰ বাবে এআইইউডিএফৰ দলীয় হাইকমান্ডে প্ৰাৰ্থীত্ব দিয়া বাবে সাধাৰণ জনতাৰ খুদ এআইইউডিএফৰ দলীয় কৰ্মী বিৰোধিতা কৰি মুকলি কৈ জাকিৰ হুছেইন সিকদাৰৰ সমৰ্থনত নামি পৰিছে। তেনেক্ষেত্ৰত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন বৈতৰণী পাৰ হবলৈ যে বেছি টান নহয় সেয়া ৰাজনৈতিক বিশেষজ্ঞসকলে ইতিমধ্যে মতপোষন কৰিছে।

No comments