Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাৰেংগী সেনা চাউনিত ১৯৭১ চনত ভাগ লোৱা ৰাজ্যৰ প্ৰাক্তন সৈনিকক সম্বৰ্ধনা

গণবাৰ্তা, আজাৰা, ২২ মাৰ্চ : ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ২১ মাৰ্চত নাৰেংগী সেনা চাউনিত " স্বৰ্ণম বিজ...


গণবাৰ্তা, আজাৰা, ২২ মাৰ্চ
: ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ বিজয়ৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ২১ মাৰ্চত নাৰেংগী সেনা চাউনিত " স্বৰ্ণম বিজয় দিৱস " শীর্ষক এক কাৰ্যসূচীৰ আয়োজন কৰা হয় । কাৰ্যসূচীত যুদ্ধত ভাগ লোৱা ভাৰতীয় সেনাৰ দ্বিতীয় শীৰ্ষ বিষয়া তথা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল পি কে ভৰালীকে ধৰি ৰাজ্যখনৰ ৭০ জন প্ৰাক্তন সৈনিকক "আমাৰ প্ৰবীণ আমাৰ গৌৰৱ " মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় । সেনাৰ ৫১ চাব এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল বিকাশ চাইনীয়ে সকলোকে সম্বৰ্ধনা জনায় । ইয়াৰ উপৰি দুজন বিশেষভাবে সক্ষম প্ৰাক্তন সৈনিকক তেওঁলোকৰ চলন-ফুৰণত সহায়ক হোৱাকৈ হুইল চেয়াৰ আৰু মডিফাইড স্কুটাৰ প্ৰদান কৰা হয় । মেজৰ জেনেৰেল বিকাশ চাইনীয়ে ১৯৭১ চনৰ ঐতিহাসিক যুদ্ধখনত পাকিস্তানক সমুচিত শিক্ষা দিয়া বিষয়টোৰ বাবে দেশে যুদ্ধত ভাগ লোৱা সৈনিক সকলৰ ত্যাগক সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলি ব্যক্ত কৰে ।

No comments