গণবাৰ্তা বিশেষ দেৰগাঁও, ৪ মাৰ্চঃ অসম চৰকাৰে ৰাষ্টা পদূলিৰ উন্নয়ণ কৰা বুলি বৰ বৰ কথা কোৱাৰ সময়তে দেৰগাঁৱৰ এখন গাঁৱৰ একাংশ ৰাইজে পথৰ অভাৱত ...
গণবাৰ্তা বিশেষ দেৰগাঁও, ৪ মাৰ্চঃ অসম চৰকাৰে ৰাষ্টা পদূলিৰ উন্নয়ণ কৰা বুলি বৰ বৰ কথা কোৱাৰ সময়তে দেৰগাঁৱৰ এখন গাঁৱৰ একাংশ ৰাইজে পথৰ অভাৱত নিজেই পথ বান্ধি ল'ব লগা হোৱাৰ ঘটনাই চৰকাৰী ওফাইদাংৰ স্বৰূপটো প্ৰকাশ পাইছে। দেৰগাঁও বিধানসভা সমষ্টিৰ দেৰগাঁও পঞ্চায়তৰ অন্তৰ্গত জেলেহুৱা হাজৰিকা চুকত নতুনকৈ স্থাপন হোৱা জেলেহুৱা মিলনপুৰ গাঁৱৰ লোক সকলে নিজাববীয়াকৈ গাঠিৰ ধন খৰচ কৰাৰ লগতে কপালৰ ঘাম মাটিত পেলাই এতিয়ালৈকে চাৰিশ মিটাৰ দৈৰ্ঘ্যৰ পথ বন্ধাই ল'বলৈ বাধ্য হৈছে। উল্লেখযোগ্য যে বিভিন্ন স্থানৰ অৰ্ধশতাধিক ঘৰতকৈও অধিক লোকৰ বসতিস্থল গাঁওখনিৰ অধিক পৰিয়ালেই মুখ্যমন্ত্ৰী সমষ্টিৰ দক্ষিন আহঁতগুৰি আৰু আহঁতগুৰি পঞ্চায়তৰ লোক।ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত মাটি ভেটি হেৰুৱাই সৰ্বস্ৰান্ত হোৱা লোক সকলে হাতত থকা সাঁচতীয়া ধন কেইটাই কেৱল মাটি ভেটি লৈ উক্ত স্থানত নতুনকৈ জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল।এসময়ত আনন্দ মনেৰে নিজৰ কৃষি ভূমিত কৃষিকৰ্মৰ যোগেদি জীৱন নিৰ্বাহ কৰা পৰিয়াল সমুহে এতিয়া দৈনিক হাজিৰা আৰু শাক পাচলিৰ বেপাৰ কৰি কোনোমতে পৰিয়াল চলাই থাকিব লগা হৈছে।দুখীয়াৰ দুখ কোনোদিনে নুগুচাৰ দৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াত সৰ্বস্ৰান্ত হোৱা লোক সকল এতিয়া বঞ্চিত হৈ পৰিছে চৰকাৰী সুবিধাৰ পৰাও।মাটি ভেটি লৈ গাঁও পাতি বাস কৰাৰ পাছতো কেৱল দেৰগাঁৱৰ ভোটাৰ নোহোৱা অজুহাতত স্থানীয় একাংশ ৰাজনৈতিক লোকে পঞ্চায়তৰ ফালৰ মহাত্মা গান্ধী নিয়োগ নিশ্চিত আঁচনিৰ দ্বাৰা নিৰ্মান হʼবলগীয়া পথটি নিৰ্মাণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা কথা জানিব পৰা গৈছে।উল্লেখ্য যে, পথটি প্ৰথম অৱস্থাত কৃষি বান্ধ হিচাপে নিৰ্মাণ কৰিবলৈ পুজিৰ অনুমোদন হোৱাৰ পাছত পঞ্চায়ত সভাপতিৰ লগতে বিভাগীয় বিষয়ববীয়া আহি জোখ মাখ আৰম্ভও কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত পথটি নিৰ্মাণ হৈ নুঠিল।এজাক বৰষুণ আহিলেই একাঠু পানী আৰু বোকাৰ মাজত ডুব যোৱা পথটিত কেইবা বছৰ ধৰি যমৰ যাতনা ভুগিব লগা হৈছে গাঁও বাসীয়ে । সেয়ে এইবাৰ ৰজাঘৰীয়ালৈ বাট নাচায় বাৰিষাৰ আগতে গাঁৱৰ সমুহ ৰাইজ একত্ৰিত হৈ নিজে শ্ৰমদান কৰি পথটি নিৰ্মাণ কৰি উলিয়ালে । ইয়াৰ দ্বাৰা গাঁওবাসী আৰ্থিক ভাৱে টনকিয়াল নহলেও শাৰীৰিক আৰু মানসিক ভাৱে যে কোনো ক্ষেত্ৰত দুৰ্বল নহয় সেই কথা প্ৰতিপন্ন কৰি একপ্ৰকাৰ চৰকাৰক প্ৰত্যাহ্বান জনালে।
No comments