Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কংগ্ৰেছ এতিয়া দুৰ্বল দল, নিৰ্বাচনত বেয়াকৈ পৰাস্ত হ’ব দলটো: বিজেপি প্ৰাৰ্থী শ্যামজিৎ ৰাভা

গণবাৰ্তা,দুধনৈ,১৫মাৰ্চ : দুধনৈ সমষ্টিৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ নাম কৰ্তন কৰি বিজেপিৰ মিত্ৰজোঁঁট ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি...


গণবাৰ্তা,দুধনৈ,১৫মাৰ্চ
: দুধনৈ সমষ্টিৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক দীপক কুমাৰ ৰাভাৰ নাম কৰ্তন কৰি বিজেপিৰ মিত্ৰজোঁঁট ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মনোনীত প্ৰাৰ্থী শ্যামজিৎ ৰাভাক ৩৬ নং দুধনৈ (জনজাতি) বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপে ঘোষণা কৰাত কালি শ্যামজিৎ ৰাভাই আনুষ্ঠানিক ভাবে বিজেপি দলত যোগদান কৰে৷ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰাভা জাতীয় সংগ্ৰামক আগুৱাই লৈ যোৱা সংগ্ৰামী নেতা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভাক দুধনৈ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী হিচাবে আনুষ্ঠানিকভাবে ঘোষণা কৰাত উৎফুল্লিত হৈ পৰে দুধনৈ সমষ্টিৰ বিজেপি কৰ্মকৰ্তা, ৰাভা হাছংবাসী ৰাইজ ৷ এই সম্পৰ্কত শ্যামজিৎ ৰাভাৰ বাসভৱনত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ৰাভা জনগোষ্ঠীৰ লগতে দুধনৈ সমষ্টিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন অমীমাংসীত সমস্যা সুমুহ ক্ৰমে বাটপথৰ উন্নয়ন, কৃষি, শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক আদি দিশ সমাধানৰ ইছুটোক লৈ সমষ্টিবাসী ৰাইজৰ ওচৰলৈ যাব৷ সমষ্টিটোৰ সামগ্ৰীক উন্নয়নেই মূল লক্ষ্য শ্যামজিৎ ৰাভাৰ৷ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, দুধনৈ সমষ্টিত বিজেপিৰ বাবে কংগ্ৰেছ কোনো ফেক্টৰ নহয়৷ কাৰণ বিগত পোন্ধৰ বছৰে কংগ্ৰেছৰ দখলত থকা দুধনৈ সমষ্টিৰ ৰাইজে কংগ্ৰেছৰ পৰা কি পাইছে কি নাইপোৱা সেয়া সকলোৱে জানে৷ আজি সমষ্টিটোত যিখিনি উন্নয়ন হৈছে সেয়া একমাত্ৰ বিজেপি দলৰ বাবেহে হৈছে৷ সেয়েহে আজিৰ দিনত বিজেপিৰ প্ৰতিয়েই সমষ্টিবাসী দায়বদ্ধ৷ তেওঁ পুনৰ কয় যে, যোৱা নিৰ্বাচনত দুধনৈ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী তথা বিধায়ক দীপক কুমাৰ ৰাভাই অভিলেখ সংখ্যক ভোট লাভ কৰি বিজয়ী হৈছিল৷ এইবাৰ তাতকৈ অধিক ভোট লাভ কৰি এই সমষ্টিৰ পৰা মই বিজয়ী হম, নিখিল ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত থাকি দুধনৈ সমষ্টি বাসীৰ প্ৰতিটো সমস্যাৰ বিষয়ে তেওঁ অৱগত৷ সেয়েহে দুধনৈ সমষ্টিবাসীৰ অমীমাংসীত সমস্যা সমুহ সমাধানেই তেওঁৰ মূল লক্ষ্য হব৷ ইফালে AIUDF ৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- AIUDF হৈছে সাম্প্ৰদায়িক এটা দল, অসমৰ ৰাইজে এই কথা ভাল পোৱা নাই যাৰ বাবে বহু কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিছে ৷ আনহাতে তৰুণ গগৈৰ মৃত্যুৰ পিচত কংগ্ৰেছত লবী কেন্দ্ৰীক ৰাজনীতি বৃদ্ধি পাইছে, যাৰ ফলত এতিয়া দুৰ্বল হৈ পৰিছে কংগ্ৰেছ। আগন্তুক নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হ’ব এই দলটো, ইয়াৰ বিপৰীতে কিন্তু বিজেপিয়ে মিছন ১০০+ত অতি সহজে উপনিত হ’ব ৷

No comments