Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তামুলুপুৰত বিপিএফৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক দলীয় নেতা কৰ্মীৰ সম্বৰ্ধনা; অহাকালি দাখিল কৰিব মনোনয়ন পত্ৰ

আৰিফ আহমেদ, তামুলপুৰ, ১৭ মাৰ্চ : ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক আজি তামুলপুৰ জিলা বিপিএফৰ মুখ্য কা...


আৰিফ আহমেদ, তামুলপুৰ, ১৭ মাৰ্চ :
৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক আজি তামুলপুৰ জিলা বিপিএফৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলৰ দ্বাৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় । তামুলপুৰ জিলা বিপিএফৰ সাধাৰন সম্পাদক উপেন বসুমতাৰীয়ে আত ধৰা সভাখনত তামুলপুৰ জিলা বিপিএফৰ নেতা কৰ্মীসকলে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে বিপিএফ দলৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক ।তামুলপুৰ জিলা বিপিএফ , যুৱ বিপিএফ , মহিলা বিপিএফ , সংখালঘু গয়বাৰী যুৱ পৰিষদ , গয়বাৰী মহিলা বিপিএফ কোষ , বড়োলেণ্ড ছাত্ৰ সন্থা , প্ৰাক্তন এন ডিএফবি ,উলুবাৰী প্ৰথমিক বিপিএফ ,তামুলপুৰ প্ৰাথমিক বিপিএফ , বটিয়ামাৰী প্ৰাথমিক বিপিফ ,কালকুছি প্ৰথমিক বিপিএফ ,বাৰেইগাও প্ৰাথমিক বিপিএফ ,দোংপাৰ প্ৰথমিক বিপিএফ ,গান্ধীবাৰী প্ৰথমিক বিপিএফ ,নিজ ডেফেলি প্ৰাথমিক বিপিএফ ,তামুলপুৰ পিজেচিএম,দ্বাৰকুছি প্ৰথমিক বিপিএফৰ উপৰিও বিভিন্ন ব্যক্তি্যে প্ৰাৰ্থীগৰাকীক গামোচা ,আৰনাইৰে সম্বৰ্ধনা জনায় । সম্বৰ্ধনা সভাত বিপিএফৰ কেন্দ্ৰীয় সাংগঠিক সম্পাদক গোপাল বড়োই বক্তব্য প্ৰসঙ্গত কয় - বিপিএফ দলৰ প্ৰাৰ্থী হিচাবে ৰংজা খুংগুৰ বসুমতাৰীক লাভ কৰি আমি যথেষ্ট সুখী । তামুলপুৰ সমষ্টিটো বিপিএফ প্ৰধান সমষ্টি আৰু আমি তামুলপুৰ সমষ্টিটো আমাৰ দখললৈ আনিবলৈ সক্ষম হম । কংগ্ৰেছ আৰু অন্যান্য দলৰ জোটবন্ধনে অসমত পৰিৱৰ্তন আনিবলৈ সক্ষম হব ।তামুলপুৰৰ পৰা বহু বছৰ ধৰি মন্ত্ৰী লাভ কৰিবলৈ সক্ষমহোৱা নাই আৰু এইবেলি মন্ত্ৰী লাভ কৰিবলৈ সক্ষম হম । নতুন মুখে আমাক উৎসাহিত কৰিছে । বিটিচি নিৰ্বাচনত কান্দিছিলো যদিও আমাৰ ভাল দিন আহিছে ।বিটিচি নিৰ্বাচনৰ পিচত ইউপিপিএল দলক বিপিএফ দলে একেলগে থকাৰ কথা কোৱা হৈছিল কিন্তু সেইটো নকৰি বিজেপিৰ লগত চৰকাৰ গঠন কৰি ধ্বংশৰ মুখলৈ গৈ আছে । ইউপিপিএলৰ প্ৰাৰ্থী লেহো ৰাম বড়োৰ স্মৃতি শক্তি লোপ পোৱা বুলি উল্লেখ কৰাৰ লগতে ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন দাস এগৰাকী ৯৯ নিযুক্ত শিক্ষকৰ দালাল বুলি উল্লেখ কৰি বিপিএফৰ প্ৰাৰ্থীয়েই ফেভাৰিট বুলি ব্যক্তব্য কৰে । সভাত বিপিএফৰ সংখ্যালঘু কোষৰ সম্পাদক জমিৰুদ্দিন আহমেদে কয় ৰংজা খুংগুৰ বসুমতাৰী কেৱল বিপিএফৰ প্ৰাৰ্থীয়েই নহয় জোট বন্ধনৰ প্ৰাৰ্থী । বিজেপি দলক উৎখাত কৰিবলৈ হলে বিপিএফৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীক জয় যুক্ত কৰিবই লাগিব ।ইউপিপিএলক বিজেপিয়ে এটা সময়ত গ্ৰাস কৰিব । সভাত মহিলা বিপিএফৰ সম্পাদীকা গোলাপী ভড়ালীয়ে কয় - কোনোবাই অবেগত বিপিএফৰ পৰা ওলাই গৈছিল যদিও পুনৰ উভতি আহিব বুলি জানিব পাৰিছো । বিটিচিৰ এটাই প্ৰধান ৰাজনৈতিক দল সেইটো হল বিপিএফ দল। সকলোৰে মৰমৰ ৰংজা বসুমতাৰী ওৰফে ৰামদাস বসুমতাৰী এগৰাকী দক্ষ লোক । তেখেতক কাম কৰাৰ সুবিধা দিয়ক নিৰ্বাচনত জয় লাভ কৰাই নতুন অযোধ্যাৰ সৃষ্টি হওক । সভাত সম্বৰ্ধনা গ্ৰহন কৰি বিপিএফৰ দলীয় প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে কয় - বিপিএফৰ দহগৰাকী প্ৰাৰ্থীৰ ভিতৰত মোক নিৰ্বাচন কৰা হয় তামুলপুৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী হিচাবে । এতিয়া নেতা কৰ্মীসকলৰ দায়িত্ব মোক জিকাই নিয়াটো । এই নিৰ্বাচন সহজ বুলি ধৰি লব নালাগে । নিৰ্বাচন খেলাৰ ইচ্ছা নাছিল কিন্তু মোক সমৰ্থন কৰাত বাধ্য হলো । ৰাইজৰ মাজত সোমাই কাম কৰিব পাৰিম বুলি আশা কৰিছো । ৰাজনৈতিক নেগলেজেঞ্চি কৰিব নালাগে । জিকিলে কাম কৰিব পাৰিম বুলি আশা কৰিছো ,সমাজ ,ৰাস্তা ঘাট , জলসিঞ্চন আদিৰ উন্নয়ন কৰিব লগা আছে । পিএমজি এছ ৱাই ৰাস্তাবিলাক হাগ্ৰামৰ কাৰনে হৈছে বিধায়ক ইমানুৱেল মুছাৰীয়ে কৰা নহয় । কৃষি ,গৰাখহনীয়া আদি আচনি অন্তৰ্ভুক্ত হোৱা নাই । কাম কৰাৰ ইচ্ছা থাকিলে কৰিব পাৰি । ৰেলৱে বিভাগ বিক্ৰি গল ,ৰাস্তা বিক্ৰি হল টোলগেটৰ জৰিয়তে । সাধাৰন বিটিচি নিৰ্বাচনত হেলিকেপ্তাৰ উৰোৱাটো লাজৰ কথা । হিমন্তই হেলিকেপ্তাৰ উৰুৱাই যিধৰনে খৰচ কৰিছে সেয়া চিন্তনীয় । বৰ্তমান চৰকাৰৰ দিনত একলাখত ওঠৰ হাজাৰ টকা জিএছটি দিব লাগে । বিটিচিৰ সামান্য ধনৰ ওপৰত বিজেপিৰ চকু পৰিছে । সভাত প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীয়ে কয়- চিফে অধ্যয়ন কৰি প্ৰাৰ্থী নিৰ্বাচন কৰে । বিপিএফে ২৫ টা সমষ্টিত প্ৰতিদণ্ডিতা কৰিছে যদিও ১২ টা সমষ্টিত হব মুল যুজ । টকা পইচাৰ বাবে দৌৰি নাথাকি প্ৰাৰ্থীগৰাকী জিকাব লাগে । নিৰ্বাচনৰ ফলাফলৰ এসপ্তাহ পিচতে হাগ্ৰামা পুনৰ বিটিচিৰ চিফ হব । এশ শতাংশই ৰংজা খুংগুৰ বসুমতাৰী জয়ী হব । নিৰ্বাচনৰ পিচতে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হব । ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে কালি জিলা ৰিটাৰনিং বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি তামুলপুৰ জিলা বিপিএফৰ সাধাৰন সম্পাদক উপেন বসুমতাৰীয়ে জানিবলৈ দিয়ে ।

No comments