Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ব্যতিক্ৰমী নাৰী দিৱস ছাত্ৰই জনালে অঞ্চলৰ মহিলাক সম্ভাষণ

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ১০ মাৰ্চ : নতুন প্ৰজন্মৰ চিন্তাধাৰাক লৈ প্ৰায়ে হতাশাত ভোগাৰ সময়ত যোৰহাটৰ সবাইবন্ধাৰ অৰুণোদয় পথৰ কেইজনমান ছাত্ৰৰ চিন্ত...


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ১০ মাৰ্চ : নতুন প্ৰজন্মৰ চিন্তাধাৰাক লৈ প্ৰায়ে হতাশাত ভোগাৰ সময়ত যোৰহাটৰ সবাইবন্ধাৰ অৰুণোদয় পথৰ কেইজনমান ছাত্ৰৰ চিন্তা আৰু পৰিকল্পনাই ইতিবাচক ইঙ্গিত বহন কৰিছে। অঞ্চলটোৰ দন্ত্য চিকিৎসক বনশ্ৰী ভাগৱতী, গীতাঞ্জলী বৰুৱা আৰু আস্থা বৰপূজাৰীৰ সহযোগত দশম শ্ৰেণীৰ তপণ গোস্বামী, ষষ্ঠ শ্ৰেণীৰ অংশুমান গোস্বামী ,পঞ্চম শ্ৰেণীৰ দেৱানুজ বৰপূজাৰী , সপ্তম শ্ৰেণীৰ অয়ন বৰুৱাৰপৰিকল্পনা আৰু পৰিচালনাত অঞ্চলটোৰ সকলো নাৰীকে ৮ মাৰ্চৰ নাৰী দিৱসত শুভেচ্ছা জ্ঞাপন কৰে। "এজন পুৰুষ শিক্ষিত হ'লে কেৱল তেওঁহে শিক্ষিত হয় কিন্তু এগৰাকী নাৰী শিক্ষিত হ'লে সমগ্ৰ পৰিয়ালটোৱেই সুশিক্ষিত হৈ উঠে" - বুলি হাতে লিখি বনোৱা শুভেচ্ছা পত্ৰৰে ছাত্ৰকেইজনে মহিলাসকলক সম্ভাষণ জনায়।
 অঞ্চলটোৰ বয়োজ্যেষ্ঠা মহিলা ৰাণু বৰুৱাৰ সভানেত্ৰীত্বত তদুপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত  দিৱস সম্পৰ্কে চমু বক্তব্য প্ৰদান কৰে উপমা ভাগৱতী আৰু মলয়া বৰুৱাই।বন্তি বৰপূজাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত গীত পৰিবেশন কৰে নীতি বৰুৱা, ৰেণু শৰ্মা আৰু মম্পী শৰ্মাই। শুভেচ্ছা পত্ৰ পাঠ কৰে তপণ গোস্বামী আৰু দেৱানুজ বৰপূজাৰীয়ে। মিতালী বৰুৱা, মৌচুমী বৰুৱা, সুৰশ্ৰী ভট্টাচাৰ্য, সুদীপনা গোস্বামী, বৰ্ণালী বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্নজন উপস্থিত থকা ব্যতিক্ৰমী অনুষ্ঠানটোৰ উদ্যোগ লোৱা ছাত্ৰকেইজনৰ প্ৰয়াসক ৰাইজে প্ৰশংসা কৰে।

No comments