Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জিতু গোস্বামী বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী হবঃ সৰ্বানন্দ সোনোৱাল

গণবাৰ্তা,ননৈ, ২৭ মাৰ্চঃ প্ৰচণ্ড গৰমকো নেওচি কঠীয়াতলী আঞ্চলিক খেল পথাৰত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভাত কন্দলী, নিজকঠীয়াতল...


গণবাৰ্তা,ননৈ, ২৭ মাৰ্চঃ
প্ৰচণ্ড গৰমকো নেওচি কঠীয়াতলী আঞ্চলিক খেল পথাৰত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভাত কন্দলী, নিজকঠীয়াতলী, তেঁতেলীসৰা আৰু নামবৰ লালুং গাঁও চাৰিটা পঞ্চায়তৰ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অসমৰ ভাষা সংস্কৃতি ধ্বংসকাৰী মহাজোটক অসমৰ মাটিৰ পৰা উৎখাত কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি সংগমস্হলী কঠীয়াতলী ৰাইজৰ সকলো আশা আকাংক্ষা পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বঢ়মপুৰ সমষ্টিৰ শিক্ষা, নিয়োগ, উদ্যোগ আৰু বিকাশ সকলো দিশৰ উন্নতিৰ বাবে দক্ষ আৰু যোগ্য বিজেপি দলৰ সকলোৰে প্ৰিয় প্ৰাৰ্থী জিতু গোস্বামীক ভোটদি জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনাই সোনোৱালে। চাহবাগিছাৰ লোক সকলক বাগানীয়া ভাষাত বিজেপি চৰকাৰখনে মাহত ৩৫ কিলো বিনামূলীয়া চাউল, প্ৰতি পৰিয়ালক মাহত ৮৩০ টকাকৈ, ৪০ লাখ মহিলাক আত্মসহায়ক গোটৰ জৰিয়তে সহায্য প্ৰদান, চাহশ্ৰমিকৰ মজুৰি বৃদ্ধি, পৰবৰ্তী সময়ত ৩০ লাখ শ্ৰমিকলৈ তিনি হাজাৰকৈ মাহিলি অৰ্থ সাহায্যৰ আশ্বাস, উচ্চ শিক্ষাৰ বাবে এশখন বিদ্যালয়ৰ কাম ইতিমধ্যে সমাপ্তৰ পথত, তাৰোপৰি গৰ্ভৱতী মহিলাৰ বাবে অৰ্থ সাহায্য, বাট পথৰ উন্নয়নৰ লগতে আৰু বহুতো সুবিধা এই চৰকাৰৰ দিনত ৰাইজে ভোগ কৰিবলৈ পাইছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। প্ৰিয়ংকা গান্ধীৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয় বাগিছালৈ গৈ বনুৱা হৈ পাততুলি ফটো উঠাবলৈ সহজ কিন্তু এদিন কাম কৰি দেখুওৱাক এনেবোৰ ভাওনা দেখুৱাবলৈ হে আহে কংগ্ৰেছৰ নেত্ৰী গৰাকী সেয়ে ৰাইজে অপমানৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনাই। আৰম্ভণি তে জিলা বিজেপি সভাপতি অভিজিত নাথ, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁই, গণ পৰিষদ দলৰ প্ৰথম বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই মহাজোটক তীব্ৰ ভাষাৰে তুলাধূনা দি ভাষণ প্ৰদান কৰে। প্ৰাৰ্থী জিতু গোস্বামীয়ে প্ৰফুল্ল কুমাৰ মহন্তক শ্ৰদ্ধা জনাই তেওঁৰ আশিস শিৰত লৈ আগবাঢ়ি যোৱাৰ লগতে মিত্ৰদলৰ সকলোৰে মৰম-চেনেহৰ জৰিয়তে বিপুল ভোটত জয়ী হোৱাৰ আশা প্ৰকাশ কৰে। কামপুৰ চেনীকলৰ উন্নয়ন সাধন কৰি সমষ্টিটোৰ নিবনুৱা সমস্যা সমাধানৰ পথ উলিয়াব বুলিও প্ৰাৰ্থী জিতু গোস্বামীয়ে উল্লেখ কৰে। বঢ়মপুৰ সমষ্টিক বানমুক্ত কৰাটো তেওঁৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলিও উল্লেখ কৰে। মুখ্য মন্ত্ৰীয়ে প্ৰাৰ্থী জিতু গোস্বামীক বিজয়ৰ কিৰিটি হিচাপে এখন ফুলাম গমোচাৰে আশিস যাঁচি উপস্থিত সকলো ৰাইজক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনাই। সভাত উপস্থিত থাকে তিৱা স্বায়ত্ত পৰিষদৰ অধ্যক্ষ মদন চন্দ্ৰ বৰদলৈ, তিৱা স্বায়ত্ত পৰিষদৰ সদস্য ইন্দ্ৰ বৰদলৈ, বিজেপি কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰঠাকুৰ, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰশ্মি শৰ্মা,নগাঁও জিলা পৰিষদৰ উপসভাপতি প্ৰমোদ লস্কৰ, মীণ বিভাগৰ অধ্যক্ষ সুভাষ দত্ত, মণ্ডল সভাপতি চন্দন বৰা, মিত্ৰদলৰ জিলা, মণ্ডল আৰু পঞ্চায়ত সভাপতি সকল আৰু অঞ্চলটোৰ সমূহ বিজেপিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। সকলোৱে ভাৰত মাতা কি জয়, জয় আই অসম ধ্বনি দিয়াৰ লগতে নৰেন্দ্ৰ মোদী জিন্দাবাদ, সৰ্বানন্দ সোনোৱাল জিন্দাবাদ, জিতু গোস্বামী জিন্দাবাদ এইবাৰ আকৌ বিজেপি চৰকাৰ হব বুলি দৃঢ়তাৰে ধ্বনি দিয়ে উপস্থিত প্ৰায় পছিশ সহস্ৰাধিক ৰাইজে।     

No comments