Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত অঘটন; প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ

  পুলেন্দ্ৰ দাস, বৰপেটা, ১৮ মাৰ্চ: চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ সমৰ্থনত আজি উলিওৱা...

 


পুলেন্দ্ৰ দাস, বৰপেটা, ১৮ মাৰ্চ: চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ সমৰ্থনত আজি উলিওৱা এক ৰেলীত অঘটন হয় ৷ দৌলাশালৰ পৰা ভেল্লা হৈ বহৰি লৈ উলিওৱা এই বৃহৎ ৰেলী শিলা পাৰ হোৱাৰ পিছত জনতা বজাৰৰ কিছু নিলগত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰা মতে শুকুৰ আলী আহমেদৰ কেইজনমান সমৰ্থকে ৰেলীত অহা লোকক টকা দিবলৈ অমান্তি হোৱাত শুকুৰ আলী আহমেদৰ ৰেলীৰ বাহনৰ ক্ষতিসাধন কৰে ৷ টকাৰ বিনিময়ত ৰেলীৰ বাবে লোক আনে যদিও সময়ত টকা নিদিয়াত এই ঘটনা সংঘটিত হোৱা বুলি অভি়যোগ উত্থাপিত হৈছে ৷ এই অপ্ৰীতিকৰ ঘটনাৰ ফলত চাৰিটা কালৰ কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে ওচৰৰ এঘৰ মানুহৰ ঘৰত সোমাই কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতে বৰপেটাত উপস্থিত হয় শুকুৰ আলী আহমেদ ৷ সাংবাদিকৰ আগত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত শুকুৰ আলীয়ে কয় যে, এয়া দলৰ একাংশ কৰ্মীৰ মাজত হোৱা ভুল বুজাবুজি ৷ এই ঘটনা সন্দৰ্ভত বিৰোধীৰ হাত আছেনে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শুকুৰ আলীয়ে কয় যে, এই ঘটনাৰ সৈতে বিৰোধীৰ কোনো লোক জড়িত নাই ৷ নিজৰ একাংশ কৰ্মীৰ মাজত কিছু ভুল বুজাবুজি হৈছিল যদিও এতিয়া সেই ভুল আতৰ হোৱা বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷ বিশাল ৰেলীৰ আয়োজন কৰিলে দুই এটা সৰু সুৰা ঘটনা হব পাৰে বুলিও তেওঁ উল্লেখ কৰে ৷ আজি সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আজি তেওঁ মনোনয়ন দাখিল কৰিব নোৱাৰিলে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শুকুৰ আলীয়ে জনায় যে, আজি কেৱল তেওঁৰ ৰেলীহে আছিল ৷ কাইলৈহে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে শুকুৰ আলী আহমেদে ৷

No comments