Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদকৰ দায়িত্বত নেকিবুৰ ৰহমান হাজৰিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ নিৰ্বাচনক লৈ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাইজৰ দল। ইতিমধ্যে প্ৰথমখন তালিকা ঘোষণা ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ নিৰ্বাচনক লৈ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাইজৰ দল। ইতিমধ্যে প্ৰথমখন তালিকা ঘোষণা কৰিছে। দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে তথা দলৰ সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ স্বাৰ্থত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে নেকিবুৰ ৰহমান হাজৰিকা। কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰাৰ লগতে ধিং সমষ্টি সমিতিৰ তত্বাৱধায়ক হিচাপেও নেকিবুৰ ৰহমান হাজৰিকাক দায়িত্ব প্ৰদান কৰিছে। ৰাইজৰ দলৰ সংবিধানৰ অনুেচ্ছদ ১০ৰ ১০.৩.৫নং ধাৰা অনুসৰি ৰাইজৰ দলৰ সভাপতিৰ অনুমোদন মৰ্মে নেকিবুৰ ৰহমান হাজৰিকাক এই দায়িত্ব প্ৰদান কৰা হৈছে। উল্লেখ্য যে নেকিবুৰ ৰহমান হাজৰিকাই ৰাইজৰ দলৰ হৈ নগাঁও জিলাত সবল নেতৃত্ব প্ৰদান কৰিছে। ইতিমধ্যে সমষ্টিৰ চুকে-কোণে প্ৰচাৰ চলাই ৰাইজৰ দলৰ সকলো কমিটী গঠন কৰিছে।

No comments